আপোনাৰ ঘৰৰ কোন দিশত আছে গেছ ষ্টোভ? বাস্তু দোষ দূৰ কৰিবলৈ এতিয়াই জানি লওক সঠিক স্থান
ঘৰখনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইকণেই হৈছে পাকঘৰ, এই স্থানক ঘৰখনৰ 'শক্তিৰ উৎস' বুলি কোৱা হয়। এখন ঘৰৰ উন্নতিৰ বাবে পাকঘৰক লৈ বাস্তুত বহুখিনি পৰামৰ্শ দিয়া হৈছে। পাকঘৰৰ বাস্তু কেনে হোৱা উচিত, জানো আহক।
বাস্তু শাস্ত্ৰ কেৱল নিয়মৰ সমষ্টি নহয়, ই হ’ল প্ৰকৃতিৰ শক্তিৰ সৈতে মানুহৰ জীৱনশৈলীৰ এক সুন্দৰ সংমিশ্ৰণ। আমাৰ ঘৰৰ প্ৰতিটো বস্তুৱে এক নিৰ্দিষ্ট কম্পন বা শক্তি উৎপন্ন কৰে। যদি এই বস্তুবোৰ সঠিক স্থানত থাকে, তেন্তে আমাৰ জীৱনলৈ সুখ-শান্তি আহে। ঘৰখনৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ঠাইকণেই হৈছে পাকঘৰ, এই স্থানক ঘৰখনৰ ‘শক্তিৰ উৎস’ বুলি কোৱা হয়। এখন ঘৰৰ উন্নতিৰ বাবে পাকঘৰক লৈ বাস্তুত বহুখিনি পৰামৰ্শ দিয়া হৈছে। পাকঘৰৰ বাস্তু কেনে হোৱা উচিত, জানো আহক।
গেছ ষ্টোভৰ সঠিক স্থান
বাস্তু মতে, পাকঘৰৰ বাবে আটাইতকৈ পবিত্ৰ আৰু বিজ্ঞানসন্মত স্থানটো হৈছে ঘৰৰ দক্ষিণ-পূব কোণ, যাক ‘আগ্নেয় কোণ’ বুলি কোৱা হয়। যিহেতু গেছ ষ্টোভ অগ্নিৰ প্ৰতীক, সেয়েহে এই দিশত গেছ ষ্টোভ ৰাখিলে ঘৰখনলৈ ইতিবাচক শক্তি আহে। ইয়াৰ ফলত ঘৰৰ মানুহৰ স্বাস্থ্য উন্নত হয় আৰু আৰ্থিক দিশটোও সবল হয়।
ৰন্ধনৰ সময়ত আপোনাৰ মুখৰ দিশ
কেৱল গেছটো সঠিক ঠাইত ৰাখিলেই নহ’ব, আপুনি কোন দিশলৈ মুখ কৰি ৰান্ধিছে সেয়াও অতি গুৰুত্বপূৰ্ণ। বাস্তু শাস্ত্ৰ মতে, খাদ্য ৰান্ধোতে সদায় পূব দিশলৈ মুখ কৰা উচিত। পূব দিশ হ’ল সূৰ্যৰ দিশ, যি আমাক প্ৰাণশক্তি আৰু নিকা চিন্তা প্ৰদান কৰে। ইয়াৰ ফলত ৰন্ধা খাদ্যৰ গুণাগুণ বৃদ্ধি পায় আৰু পৰিয়ালৰ মাজত মৰম-স্নেহ অটুট থাকে।
এইসমূহ ভুলৰ পৰা সাৱধান হওক
দক্ষিণ বা পশ্চিম দিশঃ কেতিয়াও দক্ষিণ বা পশ্চিম দিশলৈ মুখ কৰি খাদ্য নাৰান্ধিব। বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰত কন্দলৰ সৃষ্টি হয় আৰু পৰিয়ালৰ সদস্যসকল সঘনাই অসুস্থ হ’বলৈ ধৰে।
পানী আৰু জুইৰ সংঘাতঃ গেছ ষ্টোভ আৰু পানী ৰখা পাত্ৰ (যেনে ফিল্টাৰ বা চিংক) একেবাৰে ওচৰা-ওচৰিকৈ নাৰাখিব। জুই আৰু পানী পৰস্পৰ বিৰোধী শক্তি, গতিকে ইয়াৰ ফলত ঘৰত মানসিক অশান্তি বা অৰ্থহীন তৰ্ক-বিতৰ্ক বাঢ়িব পাৰে।
আধুনিক যন্ত্ৰ-পাতিৰ স্থান
আজিৰ দিনত আমি মাইক্ৰ’ৱেভ, অভেন বা হিটাৰ ব্যৱহাৰ কৰোঁ। এই সকলোবোৰ যন্ত্ৰই তাপ উৎপন্ন কৰে, গতিকে এইবোৰকো পাকঘৰৰ দক্ষিণ-পূব অংশতে ৰখাটোৱেই মংগলদায়ক। পাকঘৰটো কেৱল আহাৰ প্ৰস্তুত কৰা ঠাই নহয়, ই গোটেই ঘৰখনৰ স্বাস্থ্যৰ আধাৰ। সেয়েহে পাকঘৰটো সদায় পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাৰ লগতে এই সৰু সৰু বাস্তু নিয়মসমূহ মানি চলিলে জীৱনলৈ সমৃদ্ধি অহাটো নিশ্চিত।