শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নী-সন্তাৰ তেজেৰে হাত ৰাঙলী এমদাদুলৰ

পাৰিবাৰিক সংঘাতৰ পৰিণতিত পত্নী-সন্তাৰ তেজেৰে হাত ৰাঙলী এমদাদুলৰ

manas-borah
Manas Borah | Updated On: 19 Dec 2025 19:25 PM

পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, এমদাদুল ইছলামে পাৰিবাৰিক সংঘাতৰ বাবেই সংঘটিত কৰে এই হত্যাকাণ্ড।

এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনাই জোকাৰি গৈছে ধিং। এইবাৰ পাৰিবাৰিক সংঘাতৰ বাবে পিতৃৰ হাতত প্ৰাণ গ’ল মাতৃ-সন্তানৰ। খবৰ অনুসৰি, ধিঙৰ কাছখাটিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড। পিতৃয়ে হত্যা কৰিলে দুই সন্তান আৰু পত্নীক। স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, এমদাদুল ইছলাম নামৰ লোকজনে পাৰিবাৰিক সংঘাতৰ বাবেই সংঘটিত কৰে এই হত্যাকাণ্ড।

শুই থকা অৱস্থাত কোঠাৰেৰে ঘপিয়াই হত্যা কৰে এমদাদুল ইছলামে। মৃত পত্নীৰ নাম তাজমিনা খাতুন আৰু দুই সন্তান দিল হান হাছান আৰু আৰহান হাছান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এমদাদুল ইছলামক গ্ৰেপ্তাৰ কৰে। ইফালে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত ধিং আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।