শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে মাৰ-পিট, তাৰ পিছত গছত ওলোমাই জ্বলাই দিলে জীৱন্তে! বাংলাদেশত হত্যাৰ বলি হিন্দু যুৱক

বিবিচি বাংলাৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ মৈমনছিং জিলাত বৃহস্পতিবাৰে নিশা এজন হিন্দু যুৱকক নবীক নিন্দা কৰাৰ অভিযোগৰ পিছতে বৃহস্পতিবাৰে নিশা একাংশ লোকে প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়ে।

প্ৰথমে মাৰ-পিট, তাৰ পিছত গছত ওলোমাই জ্বলাই দিলে জীৱন্তে! বাংলাদেশত হত্যাৰ বলি হিন্দু যুৱক
বাংলাদেশত হত্যাৰ বলি হিন্দু যুৱকImage Credit source: TV9 Bharatvarsh
raj-saikia
Raj Saikia | Updated On: 19 Dec 2025 19:24 PM

সম্প্ৰতি হিংসাৰ জুইত জ্বলিছে বাংলাদেশ। জুলাই বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পিছত সমগ্ৰ দেশতে অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। সকলোতে উত্থাপন হৈছে শ্লোগান। হাদিৰ মৃত্যুৰ পিছত দেশখন অস্থিৰ হৈ থকাৰ সময়তে বাংলাদেশত এজন হিন্দু যুৱকক প্ৰহাৰ কৰি হত্যা কৰা হয়।

যুৱকজনৰ নাম দিপু চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। দিপুৰ বিৰুদ্ধে নবীক নিন্দা কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিবিচি বাংলাৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ মৈমনছিং জিলাত বৃহস্পতিবাৰে নিশা এজন হিন্দু যুৱকক নবীক নিন্দা কৰাৰ অভিযোগৰ পিছতে বৃহস্পতিবাৰে নিশা একাংশ লোকে প্ৰহাৰ কৰি মৃতদেহ জ্বলাই দিয়ে।

দেশত চলি থকা অশান্তিৰ মাজতে সংখ্যালঘু আৰু সংবাদ মাধ্যমৰ ওপৰত ক্ৰমবৰ্ধমান আক্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰা এই ঘটনা সংঘটিত হৈছে ভালুকা মহকুমাৰ মাষ্টাৰ বাৰী অঞ্চলৰ দুবলীয়া পাৰাত।

মৃতদেহটো গছত ওলোমাই থৈছিল

ভালুকা আৰক্ষী থানাৰ কৰ্তব্যৰত বিষয়া ৰিপন মিয়াই বিবিচি বাংলাক জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত আন্দোলনকাৰী লোকৰ দলে দিপুক ধৰি নবীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰহাৰ কৰে। ইয়াৰ পিছতে ভিৰটোৱে মৃতদেহটো গছত বান্ধি তাৰ পিছত জুই লগাই দিয়ে।

তথ্য লাভ কৰাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৈমনছিং মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে। এতিয়ালৈকে কোনো গোচৰ ৰুজু হোৱা নাই। কৰ্তব্যৰত বিষয়া ৰিপন মিয়াই কয়, “আমি তেওঁৰ আত্মীয়ক বিচাৰি আছো। তেওঁলোকে আহি গোচৰ তৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

দীপু চন্দ্ৰ দাস কোন?

আজি সন্ধিয়া বাংলাদেশৰ মৈমনচিং জিলাৰ ভালুকা মহকুমাত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু লোকে ইছলামক লৈ আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শাৰীৰিক নিৰ্যাতন চলোৱা হয়। পৰৱৰ্তী সময়ত তেওঁক ফাঁচী দিয়া হয় আৰু মৃতদেহত জুই লগাই দিয়া হয়। খবৰ অনুসৰি দীপু দাস এজন সাধাৰণ যুৱক আছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁ স্থানীয় কাপোৰৰ কাৰখানাত কাম কৰিছিল আৰু ভাড়াঘৰত বাস কৰিছিল।

ইফালে বাংলাদেশত এটা সন্ত্ৰাসবাদী উগ্ৰপন্থী গোটৰ উত্থানৰ বাতৰি ওলাইছে, যাৰ নেতৃত্বত আছে দুজন ইউটিউবাৰ—এজন আমেৰিকাৰ নিউয়ৰ্কৰ পৰা আৰু আনজন ফ্ৰান্সৰ পেৰিছৰ পৰা।

ভাৰতৰ উদ্বেগ প্ৰকাশ

ইফালে বাংলাদেশত হিন্দুসকলৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা অত্যাচাৰক লৈ ভাৰতে উদ্বেগ প্ৰকাশ কৰিছে। নতুন দিল্লীৰ বৈদেশিক পৰিক্ৰমা সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে উল্লেখ কৰে যে বাংলাদেশৰ পৰিস্থিতি ক্ৰমান্বয়ে জটিল হৈ পৰিছে। সংসদত দাখিল কৰা প্ৰতিবেদনত সমিতিখনে উল্লেখ কৰিছে যে ২০২৪ চনৰ আগষ্ট মাহৰ ৰাজনৈতিক পৰিঘটনাই উল্লেখযোগ্য অস্থিৰতা আৰু অনিশ্চয়তাৰ সৃষ্টি কৰিছে, সংখ্যালঘু, জনজাতীয় সম্প্ৰদায়, সংবাদ মাধ্যমৰ গোট, সাংবাদিকসকলক হিংসা, আক্ৰমণ, আৰু ভয় দেখুওৱা ঘটনা ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে।

হাদিৰ মৃত্যুক লৈ অগ্নিগৰ্ভা বাংলাদেশ

এজন হিন্দু যুৱকৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ বিপৰীতে বাংলাদেশৰ জুলাই বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুক লৈও হুলস্থুলৰ সৃষ্টি হৈছে। যোৱা সপ্তাহত হাদিৰ মূৰত গুলী লাগিছিল আৰু তাৰ পিছত তেওঁক ছিংগাপুৰত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে ১৮ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছতে সমগ্ৰ দেশৰ জনসাধাৰণে ৰাজপথলৈ ওলাই আহি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।