TV9 ASSAM
হৃদযন্ত্ৰৰ সমস্যা সম্প্ৰতি যথেষ্ট বৃদ্ধি পাইছে। এনে সমস্যাৰ পৰা ৰক্ষাৰ বাবে সঠিক জিৰণি অতি প্ৰয়োজন। টোপনিৰ কিছু অভ্যাসে হৃদযন্ত্ৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে।
ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে ভাল টোপনিৰ অতি প্ৰয়োজন। পৰ্যাপ্ত পৰিমাণে টোপনি নহ’লে হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰিব পাৰে।
এজন ব্যক্তিয়ে দৈনিক কমেও সাত ঘণ্টা সময় শুব লাগে। নিয়মিতভাৱে ইয়াতকৈ কম সময় শুলে হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি পায়।
সাম্প্ৰতিক সময়ত বহুলোকৰ নিশা দেৰিলৈকে সাৰে থকাৰ অভ্যাস আছে। নিশা দেৰিলৈকে সাৰে থাকিলে আপোনাৰ হৃদযন্ত্ৰৰ কাম-কাজত ব্যাঘাত জন্মিব পাৰে।
কম টোপনি লগতে অত্যধিক টোপনি যোৱাটোও হৃদযন্ত্ৰৰ সমস্যাৰ ইংগিত হ’ব পাৰে। টোপনিত নিয়ন্ত্ৰিত সময়ূচীয়ে ৰক্তচাপ কমোৱাৰ লগতে মানসিক চাপ হ্ৰাস কৰিব পাৰে।
সন্ধিয়াৰ পিছত কেফেইন সেৱনৰ অভ্যাসে টোপনিৰ সঠিক চক্ৰত ব্যাঘাত জন্মাব পাৰে, ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ পৰিব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
মগজুক কার্যক্ষম কৰি তোলে এই ৮ বিধ খাদ্যই