১৩৩ কেজি ওজনৰ ৫৫ কেজি কৰিলে হ্ৰাস, এতিয়া হৈ পৰিছে সুন্দৰী নাৰী…
আজিকালি বেছিভাগ মানুহ মেদবহুলতাৰ সমস্যাত বলি হৈছে। হঠাতে মানুহৰ ওজন ইমানেই বাঢ়ি যায় যে নিয়ন্ত্ৰণ কৰাটোও কঠিন হৈ পৰে। মানুহে শৰীৰটো ফিট কৰি ৰাখিবলৈ সকলো কৰে, কিন্তু তথাপিও তেওঁলোকে ওজন কমাব নোৱাৰে। কিন্তু আজি এগৰাকী মহিলাৰ প্ৰেৰণাদায়ক কাহিনী কম, যিয়ে ব্যায়ামৰ জৰিয়তে ১০ৰ পৰা ২০ কেজি নহয় ৫৫ কেজি ওজন কমালে।

ফিটনেছৰ কথা ক’লে আমাৰ মনলৈ প্ৰথমে আহে স্লিম শৰীৰৰ মানুহ। যেতিয়াই মানুহ এজনৰ ওজন বৃদ্ধিৰ বাবে অশান্তি পায় তেতিয়াই তেওঁৰ মনলৈ প্ৰথমে আহে জিমলৈ গৈ ৱৰ্কআউট কৰা। হয়, ই ওজন হ্ৰাস কৰাত সহায় কৰে কিন্তু ইয়াতকৈও গুৰুত্বপূৰ্ণ কথাটো হ’ল আপোনাৰ খাদ্য কেনেকুৱা। সঠিক খাদ্যই ওজন কমোৱাত সহায় কৰে।
আজিকালি বহু প্ৰভাৱশালী ব্যক্তিয়ে নিজৰ ওজন হ্ৰাসৰ যাত্ৰা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। গুৰিশক কৌৰ নামৰ এগৰাকী মহিলাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে এনে ধৰণৰ ওজন হ্ৰাসৰ ভিডিঅ’। গুৰিশকে দাবী কৰে যে তেওঁৰ ওজন ১৩৩ কেজিৰ পৰা ৭৮ কেজিলৈ হ্ৰাস কৰিছে। আগতে কি খাইছিল আৰু কিমান খাদ্য খাইছিল যাৰ বাবে ইমান ওজন কমিছে জানক।
গুৰিশকৰ ৰাতিপুৱাৰ ৰুটিন
গুৰিশক কৌৰে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে কয়, তেওঁ ক্ৰিয়েটিনৰ সৈতে দিনটো আৰম্ভ কৰিছিল আৰু ৱৰ্কআউটৰ পূৰ্বে কিউই খাইছিল। প্ৰায়ে ৱৰ্কআউটৰ পিছত টোষ্টৰ সৈতে চালাড খাইছিল। য’ত তাই ট’ফু স্ক্ৰেম্বল ব্যৱহাৰ কৰিছিল। হাই ফাইবাৰ আৰু প্ৰটিনযুক্ত খাদ্যৰ জৰিয়তে ওজন কমাইছিল। কৌৰে আগতে পুষ্টিকৰ উপাদানৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰিছিল যাৰ বাবে সোনকালে ভোক অনুভৱ কৰা নাছিল। নিজৰ ওজন কমোৱা যাত্ৰাত এনে বহু ডায়েট প্লেন অন্তৰ্ভুক্ত কৰিছিল।
View this post on Instagram
কেতিয়াবা জলপান হিচাপে আখৰোট খাইছিল। কৌৰে কিট’ ডায়েট অনুসৰণ কৰিছিল, অৰ্থাৎ ডায়েটত কম কাৰ্ব আৰু উচ্চ চৰ্বি গ্ৰহণৰ সূত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে চানা, বিলাহী আৰু অলপ ক্ৰীম ডিপৰ সৈতে জলপান কৰিছিল। যিয়ে ওজন কমোৱাত সহায় কৰিছিল।
ওজন কমাবলৈ ব্যায়াম কৰিছিল
ওজন কমাবলৈ গুৰিশে কেৱল খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াই নহয় ব্যায়ামো কৰিছিল। ইয়াৰ ফলত তেওঁৰ ওজন কমাবলৈ সহজ হৈ পৰিছিল। কাৰ্ডিঅ’ৰ লগতে বহু প্ৰশিক্ষণ লৈছিল, লগতে ভাৰোত্তোলনৰ দৰে ব্যায়াম কৰিছিল, যিয়ে ওজন কমাবলৈ সহায় কৰিছিল।
গুৰিশে বিশ্বাস কৰে যে খাদ্যৰ লগতে আপুনি ৱৰ্কআউটত যি কৰি আছে সেয়াও আপোনাৰ ওজন হ্ৰাসৰ যাত্ৰাত বহু পাৰ্থক্য আনে। যেতিয়া আমাৰ শৰীৰ সক্ৰিয় হৈ থাকে তেতিয়া আমি খোৱা খাদ্যবোৰ সহজে হজম হয়।