শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কিছুমান খাদ্য খোৱাৰ পূৰ্বে এবাৰ ভাবিব! পানীৰ অভাৱ হ’ব পাৰে আপোনাৰ শৰীৰত

বহু সময়ত আমি আমাৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব নিদিওঁ যাৰ বাবে আমি বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ। গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ হ’লে বিভিন্ন ৰোগে দেখা দিয়ে। জানক কোনবোৰ বস্তু খোৱা উচিত নহয়...

barasha-misra
Barasha Misra | Published: 11 Jun 2025 23:18 PM
গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ হোৱাটো সাধাৰণ কথা। জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজিৎ সিং কৈথে কয় যে গ্ৰীষ্মকালত ঘামৰ জৰিয়তে শৰীৰৰ পৰা পানী ওলাই থাকে। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন।

1 / 5
গৰমৰ দিনত মছলাজাতীয় খাদ্য পৰিহাৰ কৰিব লাগে। কাৰণ ইয়াত অতিৰিক্ত তেল থাকে যাৰ বাবে বাৰে বাৰে পিয়াহ লাগে। মছলাজাতীয় বস্তুত কেপচাইচিন থাকে যিয়ে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। ইয়াৰ ফলত আপোনাৰ ডিহাইড্ৰেচন হ’ব পাৰে। (Credit: Pexels)

2 / 5
বাৰ্গাৰ, চিঙৰা, ফ্ৰেন্স ফ্ৰাইৰ দৰে তেলৰ বেছিকৈ ভজা খাদ্য গৰমৰ দিনত খাব নালাগে। কাৰণ এইবোৰ তেলীয়া খাদ্য আৰু ইয়াত নিমখৰ পৰিমাণো বেছি, যাৰ বাবে ই ডিহাইড্ৰেচনৰ সমস্যা বৃদ্ধি কৰে। (Credit: Pexels)

3 / 5
গ্ৰীষ্মকালত সকলোৱে শীতল পানীয় সেৱন কৰে, কাৰণ এই শীতল পানীয়বোৰে শৰীৰ শীতল কৰে যদিও ইয়াত প্ৰচুৰ পৰিমাণে চেনি থাকে। এইবোৰ সেৱন কৰাৰ পিছত পিয়াহ লাগে আৰু শৰীৰত পানীৰ অভাৱ হয়।  (Credit: Pexels)

4 / 5
বেছিভাগ মানুহেই কফিৰ প্ৰতি আকৰ্ষিত। কাৰণ ই ভাগৰ আৰু অলসতা দূৰ কৰাত সহায় কৰে। কিন্তু ইয়াক অতিমাত্ৰা সেৱন কৰিলে আপোনাৰ শৰীৰত ডিহাইড্ৰেচন হ’ব পাৰে। ই শৰীৰৰ উষ্ণতাও বৃদ্ধি পাব পাৰে, যাৰ ফলত বদহজমৰ সৃষ্টিও হয়। (Credit: Pexels)

5 / 5