দীঘলীয়া উকি মাৰি যাত্ৰাৰম্ভ কৰিলে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰে, পতাকা দাঙি সেউজ সংকেত প্ৰধানমন্ত্ৰীৰ
মালদহ টাউন ষ্টেচনত পশ্চিম বংগৰ হাওৰাৰ পৰা গুৱাহাটীৰ কামাখ্যা জংচনলৈ চলিবলগীয়া এই ট্ৰেইনখনৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আনহাতে কামাখ্যাৰ পৰা হাওৰা অভিমুখে যাত্ৰা কৰা বন্দে ভাৰত শ্লীপাৰখনৰ ফ্লেগ অফ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
ভাৰতৰ দীৰ্ঘদূৰত্বৰ তথা দ্ৰুতবেগী ৰেলসেৱাত আজি ৰচিত হ’ল এক নতুন অধ্যায়। দেশৰ অন্যতম দ্ৰুতবেগী ট্ৰেইন বন্দে ভাৰত এক্সপ্ৰেছৰ প্ৰথমখন শ্লীপাৰ ট্ৰেইনৰ যাত্ৰাৰ আজি শুভাৰম্ভ কৰা হয়। পশ্চিম বংগৰ হাওৰাৰ পৰা গুৱাহাটীৰ কামাখ্যা জংচনলৈ চলিবলগীয়া এই ট্ৰেইনখনৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। অৱশ্যে মালদহ টাউন ষ্টেচনৰ পৰাহে ইয়াৰ শুভাৰম্ভণি কৰা হয়। আনহাতে কামাখ্যাৰ পৰা হাওৰা অভিমুখে যাত্ৰা কৰা বন্দে ভাৰত শ্লীপাৰখনৰ ফ্লেগ অফ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ সৈতে উপস্থিত থাকে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ সুদৃঢ় কৰাৰ লক্ষ্যৰে ৰে’ল আৰু আন্তঃগাঁথনিৰ বৃহৎ পদক্ষেপৰ অংশ হিচাপে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন মুকলি কৰা হৈছে। নতুন বন্দে ভাৰত সেৱাৰ উপৰিও পশ্চিম বংগৰ অন্যতম গুৰুত্বপূৰ্ণ ৰেলৱে হাব নিউ জলপাইগুৰি (এনজেপি) ৰেলৱে ষ্টেচনক বিশ্বমানৰ সুবিধালৈ উন্নীত কৰিবলৈ বৰ্তমান কেইবাটাও উন্নয়নমূলক কাম চলি আছে।
মালদাত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে শ্লীপাৰ ট্ৰেইনৰ উদ্বোধনী যাত্ৰাৰ অংশ হ’বলৈ উপস্থিত থকা ছাত্ৰ-ছাত্ৰী, ৰে’লৱে কৰ্মচাৰী আৰু ৰে’ল চালকৰ সৈতে মত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগ আৰু উত্তৰ-পূবৰ সংযোগ শক্তিশালী আৰু উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ৩,২৫০ কোটি টকাৰ একাধিক ৰে’ল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ সাজু হৈছে। ইয়াক প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগলৈ দিয়া “উপহাৰ” বুলি অভিহিত কৰি ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰকল্পসমূহে ৰাজ্যখনত অধিক তথ্য-প্ৰযুক্তি হাবৰ উত্থান ঘটাব পাৰিব।
“প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিম বংগক উপহাৰ দিছে এক ডজনৰো অধিক নতুন ৰে’ল। গুৱাহাটীৰ পৰা কলকাতালৈ আৰম্ভ হ’ব বন্দে ভাৰতৰ শ্লীপাৰ ৰে’লৰ প্ৰথম সেৱা। ইয়াৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল চলাবলৈ গৈ আছে। ইয়াৰ সমান্তৰালকৈ পশ্চিমবংগত ১০১টা ষ্টেচন পুনৰ নিৰ্মাণৰ কাম চলি আছে। ইয়াৰ অধীনত নিউ জলপাইগুৰি (এনজেপি) ৰেলৱে ষ্টেচন বিশ্বমানৰ ষ্টেচনলৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়াত আছে, দুটা নতুন প্লেটফৰ্ম সংযোজন কৰা হৈছে,” মন্ত্ৰী বৈষ্ণৱে জনায়।
বন্দে ভাৰত শ্লীপাৰৰ বিশেষত্ব কি?
এই ৰেলখন প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ বেগত যাত্ৰা কৰিব। ইয়াৰ সৰ্বোচ্চ গতি ক্ষমতা ঘণ্টাত ১৮০ কিলোমিটাৰ। এই শ্লীপাৰখনত মুঠ ১৬ টা দবা থাকিব। ইয়াৰে ১১ টা এচি ৩ টায়াৰ, ৪ টা এচি ২ টায়াৰ আৰু ১ টা ফাৰ্ষ্ট এচি দবা থাকিব। ৰে’লখনত মুঠ ৮২৩ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব। এচি ৩ টায়াৰত ৬১১ গৰাকী, এচি ২ টায়াৰত ১৮৮ গৰাকী আৰু ফাৰ্ষ্ট এচিত ২৪ গৰাকী যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।
ইয়াৰ দুৱাৰবোৰ স্বয়ংক্ৰিয়ভাৱে খোল খাব আৰু বন্ধ হ’ব। প্ৰতিটো দবাতে থাকিব চিচিটিভি নীৰিক্ষণ ব্যৱস্থা, পৰিচন্ন শৌচাগাৰ। বীজাণুনাশক প্ৰযুক্তিৰ দ্বাৰা ৰেলখনত পৰিস্কাৰ-পৰিচন্নতা বজায় ৰখা হ’ব।
হাওৰাৰ পৰা গুৱাহাটীলৈ চলা বন্দে ভাৰত এক্সপ্ৰেছত যাত্ৰীয়ে বঙালীসকলৰ থলুৱা খাদ্যৰ সোৱাদ ল’ব পাৰি। আনহাতে গুৱাহাটীৰ পৰা হাওৰালৈ অহা ৰে’লত যাত্ৰীয়ে পাব অসমীয়া থলুৱা খাদ্যৰ সোৱাদ।
ৰেলৰ ভাৰাৰ কথা যদি কোৱা হয়, এচি ৩ টায়াৰত প্ৰতিটো টিকটৰ মূল্য ২৩০০ টকা। ২ টায়াৰ এচিত এটা টিকটৰ মূল্য ৩০০০ টকা আৰু ফাৰ্ষ্টক্লাছ এচিত এটা টিকটৰ মূল্য ৩,৬০০ টকা। এই ট্ৰেইনত আন ট্ৰেইনৰ দৰে RAC ৰ সুবিধা নাথাকিব। তাৰোপৰি ভিআইপি ব্যৱস্থাও নাই এইখন ট্ৰেইনত।
প্ৰায় ১:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মালদাত এক ৰাজহুৱা অনুষ্ঠানত দেশবাসীলৈ উৎসৰ্গা কৰে দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। লগতে ৩,২৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক ৰেল আৰু পথ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে।
Guwahati (Kamakhya) 🔁 Howrah
🚄 First Vande Bharat Sleeper…
On track with PM @narendramodi Ji’s Purvodaya vision. pic.twitter.com/0xmJDjveVp— Ashwini Vaishnaw (@AshwiniVaishnaw) January 17, 2026
ইয়াৰ পিছতে অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। অসমত তেওঁ বড়ো সম্প্ৰদায়ৰ চহকী ঐতিহ্যক উদযাপন কৰা ঐতিহাসিক সাংস্কৃতিক অনুষ্ঠান “বাগুৰুম্বা দহৌ ২০২৬” ত অংশগ্ৰহণ কৰিব। ১৮ জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ মাজত ৰে’ল সংযোগ শক্তিশালী কৰাৰ লক্ষ্যৰে গুৱাহাটী (কামাখ্যা)-ৰোহটক আৰু ডিব্ৰুগড়-লক্ষ্ণৌ (গোমতি নগৰ)ৰ মাজত ২খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। তাৰ লগতে কাজিৰঙা এলিভেটেড কৰিড’ৰ প্ৰকল্পৰো শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এটা পোষ্টত লিখিছে- “ইউ পি এৰ শাসনকালত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লৱে খণ্ড কেনে শোচনীয় অৱস্থাত আছিল সেয়া বহুতৰে জ্ঞাত ৷ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ প্ৰকল্প, সীমিত সংযোগ আৰু নিম্নমানৰ সেৱাৰে এই খণ্ডটো বহু পিছ পৰি ৰৈছিল। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই খণ্ডত ব্যাপক ৰূপান্তৰ ঘটিছে আৰু আজি ই অঞ্চলটোৰ বিকাশৰ এক উজ্জ্বল নিদৰ্শন হিচাপে পৰিচয় বহন কৰিছে।”