ভাৰতৰ এইখন ৰাজ্যত স্থাপন ৩৩ ফুট উচ্চতাৰ শিৱলিংগ, ভূমি দান কৰি আনন্দিত মুছলমান সমাজো
এই শিৱলিংগৰ উচ্চতা ৩৩ ফুট আৰু পৰিধি ৩৩ ফুট। এই বিশাল শিৱলিংগৰ ওজন ২০০ মেট্ৰিক টন। শিৱলিংগ স্থাপনৰ বাবে কম্বোডিয়াৰ পৰা বিশেষ ফুল আমদানি কৰা হৈছিল, আৰু এখন হেলিকপ্টাৰেৰে শিৱলিংগত পুষ্প বৃষ্টি কৰা দেখা যায়।
বিহাৰৰ পূৱ চম্পাৰণৰ কল্যাণপুৰ ব্লকত অৱস্থিত কৈথৱালিয়াত আজি বিশ্বৰ সৰ্বোচ্চ শিৱলিংগ প্ৰতিষ্ঠা কৰা হয়। বিৰাট ৰামায়ণ মন্দিৰত প্ৰতিষ্ঠা কৰা হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগ। এই শিৱলিংগৰ উচ্চতা ৩৩ ফুট আৰু পৰিধি ৩৩ ফুট। এই বিশাল শিৱলিংগৰ ওজন ২০০ মেট্ৰিক টন। শিৱলিংগ স্থাপনৰ বাবে কম্বোডিয়াৰ পৰা বিশেষ ফুল আমদানি কৰা হৈছিল, আৰু এখন হেলিকপ্টাৰেৰে শিৱলিংগত পুষ্প বৃষ্টি কৰা দেখা যায়।
মন্দিৰত মুঠ ১২টা শিখৰ আৰু ২২টা মন্দিৰ থাকিব। আটাইতকৈ ওখ শিখৰটো হ’ব ২৭০ ফুট। মন্দিৰৰ মাটিকালি ১২০ একৰ। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা, সম্ৰাট চৌধুৰীকে ধৰি কেইবাজনো মন্ত্ৰী উপস্থিত থাকে এই অনুষ্ঠানত। বিভিন্ন মঠ-মন্দিৰৰ সাধু আৰু সন্তসকলো এই শুভ ক্ষণৰ সাক্ষী হৈছিল। শিৱলিংগ প্ৰতিষ্ঠা কাৰ্যই কেৱল হিন্দুসকলৰ বাবেই নহয়, মুছলমান সমাজলৈও আনন্দ কঢ়িয়াই আনিছে। মন্দিৰ নিৰ্মাণৰ বাবে মুছলমান সমাজেও নিজৰ ভূমি দান কৰিছে।
চাৰিওফালে দেখা গ’ল উছৱমুখৰ পৰিবেশ। কোনো কোনোৱে যদি শিৱৰ সাজ-পোছাক পিন্ধি ভক্তক মোহিত কৰিছিল, আন কোনোৱে আকৌ শিৱৰ অনুগামীৰ সাজ-পোছাক পৰিধান কৰিছিল। পাটনাৰ বিখ্যাত মহাবীৰ মন্দিৰৰ সম্পাদক সয়ন কুনালে কয় যে শিৱলিংগ স্থাপনৰ বাবে হৰিদ্বাৰ আৰু পাটনাৰ পৰা বিশেষ আচাৰ্য আৰু পুৰোহিতক মাতি অনা হৈছিল। শিৱলিংগক ৰীতি-নীতি আৰু বৈদিক মন্ত্ৰৰে পূজা কৰা হৈছিল।
কিয় এই দিনটোত শিৱলিংগ স্থাপন কৰা হ’ল?
মন্দিৰৰ সম্পাদকগৰাকীয়ে বুজাই দিলে যে আজি ১৭ জানুৱাৰীত বিশেষ ধৰ্মীয় তাৎপৰ্য আছে, কিয়নো এই দিনটোত ভগৱান শিৱ লিংগ ৰূপত আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়। তামিলনাডুৰ মহাবলীপুৰমৰ পট্টিকাডু গাঁৱত বিগত ১০ বছৰ ধৰি নিৰ্মাণৰ কাম চলি আছিল বিশাল শিৱলিংগটোৰ। মূল ভাস্কৰ্য শিল্পী লোকনাথ আৰু তেওঁৰ দলটোৱে এই শিৱলিংগটো নিৰ্মাণ কৰি উলিয়াছে।
যোৱা ৫ জানুৱাৰীত মতিহাৰীত পায়হি শিৱলিংগ
২০২৫ চনৰ ২৩ নৱেম্বৰত মহাবলীপুৰমৰ পৰা বিহাৰৰ পূব চম্পাৰণৰ কৈথৱালিয়াত নিৰ্মাণৰত বিৰাট ৰামায়ণ মন্দিৰলৈ স্থল পথেৰে পৰিবহণ কৰা হয় বিশ্বৰ সৰ্ববৃহৎ শিৱলিংগটো। ২০২৬ চনৰ ৫ জানুৱাৰীৰ নিশা ১০ বজাত পবিত্ৰ স্থান আহি পায় শিৱলিংগটো। এই শিৱলিংগ দৰ্শন কৰিবলৈ নিতৌ হাজাৰ হাজাৰ লোকে ভিৰ কৰে। ইফালে এই গাঁৱত বসবাস কৰা মুছলমান সমাজো আনন্দিত হৈ পৰিছে। মন্দিৰৰ বাবে মাটি দান কৰি সমন্বয়ৰ বাৰ্তা দিছে মুছলমান সমাজে।