শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Morning Headline: আজি বাগুৰুম্বাৰে ইতিহাস ৰচিব অসমে, লগতে চাওক দেশৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ

আজি ১৭ জানুৱাৰী, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: আজি বাগুৰুম্বাৰে ইতিহাস ৰচিব অসমে, লগতে চাওক দেশৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ
Barasha Misra
Barasha Misra | Published: 17 Jan 2026 06:33 AM

আজি ১৭ জানুৱাৰী, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি বড়োসকলৰ হেঁপাহৰ বাগৰুম্বা নৃত্য‌ই সৃষ্টি কৰিব‌ এক নতুন ইতিহাস। সৰুসজাইত ‘বাগুৰুম্বা দ’হৌ’ত ১০,০০০ৰো অধিক শিল্পীয়ে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ উপস্থিতিত খাম, চিফুং আৰু চেৰজা আদিৰ সুৰ-তালৰ ছন্দৰে নৃত্য পৰিৱেশন কৰি সকলোকে চমকিত কৰি তুলিব৷
  2. পুনৰ দুদিনীয়া কাৰ্যসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিশা প্ৰধানমন্ত্ৰীয়ে ১ নম্বৰ ৰাজ্যিক অতিথিশালাত থাকিব। ১৮ জানুৱাৰীত পুৱা কলিয়াবৰ ৰাজহুৱা সভাত অংশলৈ কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব।
  3. ৰাজ্য চৰকাৰৰ শিল্পী বঁটা ২০২৬ ঘোষণা, প্ৰয়াত সমৰ হাজৰিকাৰ লগতে ধনদা পাঠকৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ এই সন্মানীয় এই বৰ্ষৰ বঁটাসমূহ আগবঢ়োৱা হৈছে।
  4. প্ৰশাসনিক মুৰব্বী হওক সংখ্যালঘু ল’ৰা-ছোৱালী, কিডনী বেছি হ’লেও সন্তানক পঢ়ুৱাবলৈ আহ্বান সদ্য় কংগ্ৰেছ ত্যাগী ৰেজাউল কৰিম সৰকাৰৰ। ৰেজাউল কৰিম সৰকাৰে সংখ্যালঘু জনগোষ্ঠীৰ সৱলীকৰণৰ বাবে শিক্ষাই আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা বুলি মন্তব্য কৰে।
  5. প্ৰতিবছৰৰ দৰে দিল্লীৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত এইবাৰো বায়ুসেনাৰ বিমানৰ চমকপ্ৰদ প্ৰদৰ্শনী দৰ্শকে উপভোগ কৰিব পাৰিব। দিল্লীৰ আকাশত বায়ুসেনাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ১২৭০ কিলোগ্ৰাম কুকুৰাৰ মাংসৰ সহায় লোৱা হ’ব। আকাশত চিল আৰু অন্যান্য চৰাইৰ সংখ্যা অতি বেছি।
  6. ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসত প্ৰধানমন্ত্ৰীয়ে দিলে সফলতাৰ খতিয়ান। নিজ ভাষণত তেওঁ ষ্টাৰ্টআপ খণ্ডৰ অভূতপূৰ্ব বিকাশ আৰু পৰিৱৰ্তনৰ এক খতিয়ান দাঙি ধৰে। ভাষণত তেওঁ বিশেষকৈ মহিলা উদ্যমীসকলৰ অৱদান আৰু দেশৰ অৰ্থনীতিলৈ অহা পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে।
  7. সমাগত গণৰাজ্য দিৱস। ইয়াৰ পূৰ্বে পোহৰলৈ আহিছে এক ডাঙৰ তথ্য। লস্কৰ-ই-তৈবাই এতিয়া পানীৰে সন্ত্ৰাস বিয়পোৱাৰ চেষ্টা কৰি আছে। ইয়াকে লৈ তেওঁলোকে সদস্যসকলক প্ৰশিক্ষণ দি আছে।
  8. ৱাশ্বিংটন সুন্দৰ নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচতে আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেওঁৰ বিশ্বকাপত অংশগ্ৰহণক লৈ অনিশ্চয়তাই দেখা দিছে। এনে পৰিপ্ৰেক্ষিতত সুন্দৰৰ বিকল্প হিচাপে কোনে স্থান পাব পাৰে, সেই চৰ্চাৰ মাজতে উচ্চাৰিত হৈছে ৰিয়ান পৰাগৰ নাম।
  9. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ছিংগাপুৰৰ কৰ’ণাৰ্ছ আদালতত প্ৰকাশিত তথ্যক লৈ ৰাজ্যত বিভিন্ন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে অসম চৰকাৰৰ দাবী আৰু ছিংগাপুৰ কৰ্তৃপক্ষৰ তথ্যৰ মাজত বৈপৰীত্যৰ অভিযোগ উত্থাপন কৰে।