শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আহি আছে বন্দে ভাৰত ৪.০; ক’ত আৰু কেতিয়া চলিব এই ৰে’ল? গতিবেগে আচৰিত কৰিব আপোনাক

দেশজুৰি ইতিমধ্যে জনপ্ৰিয় হোৱা এই ছেমি হাই-স্পিড ট্ৰেইনৰ ক্ষেত্ৰত ৰে’ল বিভাগে দিবলৈ আগবাঢ়িছে এক ডাঙৰ উপহাৰ। মুকলি হ’ব বন্দে ভাৰতৰ শেহতীয়া সংস্কৰণ 'বন্দে ভাৰত ৪.০'। পিছে কেতিয়া আৰু ক’ত এই ৰে’লখন চলিব, চাওক।

আহি আছে বন্দে ভাৰত ৪.০; ক’ত আৰু কেতিয়া চলিব এই ৰে’ল? গতিবেগে আচৰিত কৰিব আপোনাক
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Firdous Nazir/NurPhoto via Getty Images
Monjit Dutta
Monjit Dutta | Published: 17 Jan 2026 14:33 PM

দেশৰ প্ৰিমিয়াম ট্ৰেইনৰ কথা ক’লেই এতিয়া সকলোৰে মনলৈ আহে বন্দে ভাৰত এক্সপ্ৰেছৰ নাম। দেশজুৰি ইতিমধ্যে জনপ্ৰিয় হোৱা এই ছেমি হাই-স্পিড ট্ৰেইনৰ ক্ষেত্ৰত ৰে’ল বিভাগে দিবলৈ আগবাঢ়িছে এক ডাঙৰ উপহাৰ। ২০২৭ চনত, অৰ্থাৎ আগন্তুক বৰ্ষতে মুকলি হ’ব বন্দে ভাৰতৰ শেহতীয়া সংস্কৰণ ‘বন্দে ভাৰত ৪.০’। এই ট্ৰেইনখনৰ আটাইতকেই আচৰিত কৰা কথাটো হ’ল ইয়াৰ গতিবেগ। প্ৰকাশিত খবৰ অনুসৰি এই ‘বন্দে ভাৰত ৪.০’ প্ৰতি ঘণ্টাত ২৫০ কিলোমিটাৰ বেগেৰে দৌৰিব।

ৰে’ল বিশেষজ্ঞ সুধাংশু মণিৰ মতে, বন্দে ভাৰত ৪.০ হ’ব দেশৰ দ্ৰুততম ট্ৰেইন। প্ৰথম অৱস্থাত এই ট্ৰেইনখন আহমেদাবাদ-মুম্বাই পথত চলোৱাৰ পৰিকল্পনা কৰা হৈছে। বৰ্তমান আহমেদাবাদ আৰু মুম্বাইৰ মাজৰ ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৬ ৰ পৰা ৮ ঘণ্টা সময় লাগে, কিন্তু এই নতুন সংস্কৰণৰ সহায়ত যাত্ৰীসকলে মাত্ৰ ২ ঘণ্টাতে গন্তব্যস্থান পাবগৈ পাৰিব।

বন্দে ভাৰত ৪.০ ৰ বিশেষত্ব

বন্দে ভাৰত ৪.০ সংস্কৰণৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল ইয়াৰ অকল্পনীয় গতিবেগ। ৰে’লখনৰ গতিবেগ ঘণ্টাত ৩৫০ কিলোমিটাৰ পৰ্যন্ত বৃদ্ধি কৰাৰ অভিলাষী পৰিকল্পনা হাতত লোৱা হৈছে বুলি খবৰ প্ৰকাশ পাইছে। এই দ্ৰুতবেগী যাত্ৰাক সম্পূৰ্ণ নিৰাপদ কৰি তুলিবলৈ ট্ৰেইনখনত শেহতীয়া ‘কবচ ৫.০’ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব।

এই কবচ ৫.০- এ যিয়ে যিকোনো ধৰণৰ দুৰ্ঘটনা প্ৰতিৰোধত সহায় কৰিব। ইয়াৰ উপৰিও এনে তীব্ৰ গতিবেগৰ সৈতে তাল মিলাব পৰাকৈ দেশত বিশেষ হাই-স্পিড ৰে’ল কৰিড’ৰ নিৰ্মাণৰ কামো আৰম্ভ কৰা হ’ব, যাতে যাত্ৰীসকলে অতি কম সময়ৰ ভিতৰতে গন্তব্যস্থানত উপস্থিত হ’ব পাৰে।

বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন

উল্লেখ্য যে, ২০১৯ চনত দেশত প্ৰথম বন্দে ভাৰত মুকলি হোৱাৰ পিছত ২০২২ চনত ২.০ সংস্কৰণ আৰু ২০২৫ চনত ৩.০ সংস্কৰণ মুকলি কৰা হৈছিল। আজি অৰ্থাৎ ২০২৬ চনত মুকলি কৰা হৈছে বহুপ্ৰত্যাশিত বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। এই নতুন ৰে’লে দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক আৰামদায়ক যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিব।

কেন্দ্ৰীয় ৰে’ল মন্ত্ৰণালয়ৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত ৮০০ খন আৰু ২০৪৭ চনৰ ভিতৰত সমগ্ৰ দেশত ৪,৫০০ খন বন্দে ভাৰত ট্ৰেইন চলোৱা। এই লক্ষ্যৰ দিশত আগবাঢ়ি কেন্দ্ৰই দেশৰ ক্ৰমাৎ ৰে’লসেৱাক ক্ৰমাৎ নতুনত্বৰ দিশেৰে আগুৱাই নিছে।