17 Jan 2026
TV9 ASSAM
আজি বিয়লি সৰুসজাইত ১০,০০০ বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য। য'ত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী। বিহু আৰু ঝুমুৰৰ পিছত এইবাৰ বাগুৰুম্বাই গঢ়িভ বিশ্ব অভিলেখ।
বাগুৰুম্বা নৃত্যত কোৱা 'বগ্ৰুম বাগ্ৰুম মৌছাদে'বুলি কোৱা সকলোৱে শুনিছে, কিন্তু ইয়াৰ অৰ্থ কি আপোনালোকে জানেনে?
বাগৰুম্বা হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়।
'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয়।
বাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।
আজি সৰুসজাইত ১০,০০০ বড়ো শিল্পীয়ে একেলগে পৰিৱেশন কৰিব বাগুৰুম্বা নৃত্য। ইয়াৰ পিছতে চৰ্চালৈ আহিছে বড়োসকলৰ নৃত্যৰ কথা।
শীতকালতো অত্যধিক বিদ্যুতৰ বিলে অতিষ্ঠ কৰিছে নেকি?