Vande Bharat Sleeper Train: ফ্লেগঅফৰ পূৰ্বেই আক্ৰমণৰ আশংকা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত!
আৰ পি এফৰ পত্ৰত উল্লেখ কৰা হৈছে যে সুবোধ কুমাৰ সৌ নামৰ এজন ব্যক্তিয়ে ইমেইলযোগে তেওঁলোকক জনাইছে যে একাংশ দুস্কৃতিকাৰীয়ে প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত শিলগুটি নিক্ষেপ কৰি ক’লা পতাকা দেখুৱাবলৈ পৰিকল্পনা কৰিছে।
মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষা। তাৰ পিছতে মুকলি কৰা হ’ব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন। পশ্চিম বংগৰ পৰা গুৱাহাটীলৈ চলিব দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ। অৱশ্যে বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন মুকলিৰ পূৰ্বে আক্ৰমণৰ আশংকা কৰা হৈছে। বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত শিলগুটি নিক্ষেপ কৰিব পাৰে। এই আশংকাৰ বাবেই এতিয়া আৰ পি এফে মালদাৰ কলীয়াচক থানাৰ আই চিলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি মালদা টাউন ৰেল ষ্টেচনৰ পৰা বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন উদ্বোধন কৰিব। তাৰ আগতে ট্ৰেইনখনত আক্ৰমণৰ ভাবুকিৰ গোপন তথ্য লাভ কৰিছিল ৰে’ল আৰক্ষীয়ে। জানিব পৰা মতে, কলীয়াচক আৰক্ষী থানাৰ আই চিক আৰ পি এফে দিয়া পত্ৰত বন্দে ভাৰতৰ শ্লীপাৰ ট্ৰেইনখনে যাত্ৰা কৰাৰ পিছত নতুন ৰে’লখনত ইটা নিক্ষেপ কৰা হ’ব পাৰে আৰু আনকি প্ৰধানমন্ত্ৰীক ক’লা পতাকাও দেখুৱাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আৰক্ষীক উপযুক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ কোৱা হৈছে।
আৰ পি এফৰ পত্ৰত উল্লেখ কৰা হৈছে যে সুবোধ কুমাৰ সৌ নামৰ এজন ব্যক্তিয়ে ইমেইলযোগে তেওঁলোকক জনাইছে যে একাংশ দুস্কৃতিকাৰীয়ে প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত শিলগুটি নিক্ষেপ কৰি ক’লা পতাকা দেখুৱাবলৈ পৰিকল্পনা কৰিছে। মালদা ষ্টেচনৰ পৰা বন্দে ভাৰতৰ শ্লীপাৰ ৰেলখন ওলোৱাৰ লগে লগে জামিৰঘাটা, খালতিপুৰ, চামগ্ৰাম, শংখাপাৰা, নিউ ফাৰক্কা, বল্লালপুৰ, ধুলিয়ান, বাসুদেৱপুৰ আৰু তিলদংগাত শিলগুটি নিক্ষেপ কৰিব পাৰে। ক’লা পতাকাও দেখুৱাব পাৰে।
এই কাৰণতে কলীয়াচক থানাৰ আৰক্ষীক থানাসমূহত আৰক্ষীৰ নিৰাপত্তাৰ উপযুক্ত ব্যৱস্থা কৰিবলৈ কোৱা হৈছে। আইন-শৃংখলাৰ পৰিস্থিতি যাতে কোনোধৰণৰ অৱনতি ঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ কোৱা হৈছে।
প্ৰসংগক্ৰমে ইয়াৰ পূৰ্বে হাওৰা-নিউ জলপাইগুৰি বন্দে ভাৰত এক্সপ্ৰেছক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ কেইবাটাও ঘটনা সংঘটিত হৈছিল। এই ঘটনাত ৰে’লৱেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। এইবাৰ বন্দে ভাৰত শ্লীপাৰ ট্ৰেইনত যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰ পি এফে আগতীয়াকৈ কলীয়াচক থানাৰ আই চিলৈ এখন চিঠি প্ৰেৰণ কৰে।