TV9 ASSAM
ডায়েবেটিছ থাকিলে মিঠাই খোৱাটো বিপদজনক হ’ব পাৰে, কিন্তু সঠিক সাৱধানতা অৱলম্বন কৰিলে আপুনি মাজে-সময়ে মিঠাইৰ সোৱাদ ল’ব পাৰে। পিছে কেনেকৈ?
মিঠাই খালেও সদায় কম পৰিমাণত খাব। এটা সৰু টুকুৰাই আপোনাৰ হেঁপাহ পলুৱাব পাৰে। একেলগে বহুতো মিঠাই খালে তেজত চেনিৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে।
খালী পেটত মিঠাই খোৱাটো আটাইতকৈ বিপদজনক। মিঠাই খোৱাৰ আগতে কিছু ফাইবাৰ বা প্ৰটিনযুক্ত খাদ্য খাব লাগে। ই চেনিৰ শোষণ লেহেমীয়া কৰে।
শৰীৰত পানীৰ অভাৱ হ’লে গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। গতিকে মিঠাই খোৱাৰ পিছত অধিক পৰিমাণে পানী খাব লাগে যাতে অতিৰিক্ত চেনি প্ৰস্ৰাৱৰ জৰিয়তে বাহিৰ হৈ যায়।
মিঠাই খোৱাৰ পাছত ২০-৩০ মিনিট খোজ কাঢ়িলে শৰীৰৰ ইনচুলিন সক্ৰিয় হয়। ই অতিৰিক্ত গ্লুক’জ খৰচ কৰাত সহায় কৰে আৰু তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।
বজাৰৰ কৃত্ৰিম চেনিযুক্ত মিঠাইৰ পৰিৱৰ্তে খেজুৰ, নাৰিকল বা গাজৰেৰে ঘৰত বনোৱা মিঠাই খাওক। ইয়াত থকা প্ৰাকৃতিক চেনি তুলনামূলকভাৱে কম ক্ষতিকাৰক।
মিঠাই খোৱাৰ পিছত আপোনাৰ শৰীৰত কেনে প্ৰভাৱ পৰিছে, সেয়া জানিবলৈ গ্লুক’মিটাৰৰ সহায়ত নিয়মীয়াকৈ ব্লাড চুগাৰ পৰীক্ষা কৰি থকাটো জৰুৰী।
সদায় নিজৰ ঔষধ সময়মতে খাব আৰু খাদ্যাভ্যাসত কিবা ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হ’লে চিকিৎসকৰ লগত আলোচনা কৰক। সচেতনতাই আপোনাক সুৰক্ষিত ৰাখিব।
পঢ়িবলৈ ক্লিক কৰক
নখৰ অৱস্থাই দিয়ে আপোনাৰ স্বাস্থ্যৰ সমস্যাৰ ইংগিত