শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপোনাৰো আছে নেকি SBI-ৰ একাউণ্ট? আহিছে বেয়া খবৰ, ফেব্রুৱাৰীৰ পৰা লেনদেনত বাঢ়িব খৰচ

SBI একাউণ্টৰ জৰিয়তে এতিয়াৰ পৰা টকা লেনদেন কৰাটো আপোনাৰ বাবে পূৰ্বতকৈ কিছু ব্যয়বহুল হৈ পৰিব পাৰে। বেংকটোৱে এতিয়া এক বিশেষ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই মাচুল বৃদ্ধিৰ সিদ্ধান্ত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।

আপোনাৰো আছে নেকি SBI-ৰ একাউণ্ট? আহিছে বেয়া খবৰ, ফেব্রুৱাৰীৰ পৰা লেনদেনত বাঢ়িব খৰচ
SBI গ্ৰাহকলৈ বেয়া খবৰImage Credit source: Piotr Swat/SOPA Images/LightRocket via Getty Images
Monjit Dutta
Monjit Dutta | Published: 17 Jan 2026 15:38 PM

ষ্টেট বেংক অব ইণ্ডিয়া (SBI) ৰ গ্ৰাহকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আপোনাৰো দেশৰ এই সৰ্ববৃহৎ ৰাজহুৱা বেংকত একাউণ্ট আছে, তেতিয়াহ’লে এতিয়াৰ পৰা টকা লেনদেন কৰাটো আপোনাৰ বাবে পূৰ্বতকৈ কিছু ব্যয়বহুল হৈ পৰিব পাৰে। দেশৰ সৰ্ববৃহৎ চৰকাৰী বেংকটোৱে তেওঁলোকৰ ইমিডিয়েট পেমেণ্ট চার্ভিছ চার্জ (IMPS) সেৱাৰ মাচুল বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। এই মাচুল বৃদ্ধিৰ সিদ্ধান্ত অহা ১৫ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব। SBIৰ এই সিদ্ধান্তৰ ফলত এতিয়া অনলাইনত বৃহৎ লেনদেন কৰা লোকসকলৰো খৰচ বৃদ্ধি পাব।

অনলাইন লেনদেনৰ নতুন নিয়ম

পূৰ্বতে ইণ্টাৰনেট বেংকিং বা SBI-ৰ নিজস্ব এপ ‘YONO’ ৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত অনলাইন লেনদেনত কোনো অতিৰিক্ত চাৰ্জ নাছিল। কিন্তু নতুন নীতি অনুসৰি, ২৫ হাজাৰ টকাতকৈ অধিক পৰিমাণৰ ধন লেনদেন কৰিলে নিৰ্দিষ্ট চাৰ্জ দিব লাগিব। অনলাইনৰ ক্ষেত্ৰত ২৫ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত লেনদেনত ২ টকা আৰু অতিৰিক্ত GST ভৰিব লাগিব।

সেইদৰে ১ লাখৰ পৰা ২ লাখ টকাৰ বাবে ৬ টকা আৰু ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত লেনদেনৰ বাবে ১০ টকাৰ লগতে GST দিব লাগিব। অৱশ্যে ২৫ হাজাৰ টকাতকৈ কম পৰিমাণৰ অনলাইন লেনদেনৰ বাবে কোনো অতিৰিক্ত চাৰ্জ নালাগে।

বেংক শাখাৰ জৰিয়তে লেনদেন কৰিলে চাৰ্জ

আনহাতে বেংকৰ শাখালৈ গৈ ইমিডিয়েট পেমেণ্ট চার্ভিছ চার্জ (IMPS) সেৱা গ্ৰহণ কৰা গ্ৰাহকৰ বাবে এই চাৰ্জৰ হাৰ অধিক হ’ব। ১ হাজাৰৰ পৰা ১ লাখ টকা পৰ্যন্ত ৪ টকা, ১ লাখৰ পৰা ২ লাখ টকা পৰ্যন্ত ১২ টকা আৰু ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত ২০ টকাৰ সৈতে GST সংগ্ৰহ কৰা হ’ব।

অৱশ্যে ১ হাজাৰ টকাৰ তলৰ লেনদেনত কোনো মাচুল পৰিশোধ কৰিব নালাগে। লগতে DSP, PMSP বা CGSP-ৰ দৰে বিশেষ চেলাৰী একাউণ্ট (Salary Account) থকা গ্ৰাহকসকলে এই নতুন চাৰ্জ পৰিশোধ কৰিব নালাগে।