17 Jan 2026
TV9 ASSAM
শীতকালত ৰ'দ কম হোৱাৰ ফলত শৰীৰে ভিটামিনৰ অভাৱত ভুগে। ইয়াৰ ফলত সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি পায়।
চিকিৎসক চলোনী চড্ডাই কয়, "শীতকালত সতেজ আৰু পৰিস্কাৰ খাদ্য খাব লাগে। গৰ্ভৱতী মহিলাসকলে শাক-পাচলি, ড্ৰাই ফ্ৰুইটচ, দাইল, চুপ আদি গ্ৰহণ কৰিব পাৰে। "
শীতত শীতল বতাহ বলি থাকে ফলত শৰীৰ অসুস্থ হৈ পৰে। গতিকে গৰম কাপোৰ, মোজা পৰিধান কৰক।
শীতত বহু মহিলাই পানী খাবলৈ অনিচ্ছা প্ৰকাশ কৰে। কিন্তু শীতকালত যথেষ্ঠ পানী কাব লাগে, ফলত মাতৃ আৰু সন্তান হাইড্ৰেড হৈ থাকে।
শীত কালত এলাহ বাঢ়ে, গতিকে শীতত ব্যাম আৰু খোজকঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে
গৰ্ভধাৰণৰ পৰ্যায়টো এগৰাকী মহিলাৰ বাবে প্ৰত্যাহ্বানজনক। কিয়নো নিজৰ আৰু তেওঁৰ কেঁচুৱাৰ বাবে সুস্বাস্থ্য আৰু সুস্থতা বজাই ৰখাটো ইয়াৰ সৈতে সম্পৰ্কিত হৈ থাকে ।
সেয়ে নিয়মীয়া ব্যায়ামে পিঠিৰ বিষ, কোষ্ঠকাঠিন্য, ফুলা কমে । ব্যায়ামৰ ফলত মনোভাব উন্নত কৰা, শক্তিৰ স্তৰ উন্নত কৰা আৰু টোপনিৰ মানদণ্ড বৃদ্ধি কৰাৰ ক্ষমতাও থাকে।
মানুহে প্ৰায়ে প্ৰশ্ন কৰে যে গৰ্ভাৱস্থাত যৌন সম্পৰ্ক স্থাপন কৰাটো নিৰাপদ নে? বেছিভাগ দম্পতীয়ে আশংকা কৰে যে ইয়াৰ ফলত তেওঁলোকৰ শিশুটিৰ ক্ষতি হ’ব পাৰে।