শীতকালত হাত-ভৰিৰ আঙুলিৰ বিষৰ কাৰণ এনে সমস্যা!

17 Jan 2026

TV9 ASSAM

শীতত হাত-ভৰিৰ আঙুলিৰ বিষ বা ফুলাটোক কেৱল ঠাণ্ডাৰ প্ৰভাৱ বুলি আওকাণ নকৰিব। ই কিছুমান মাৰাত্মক ৰোগৰ লক্ষণো হ’ব পাৰে।

শীতকালত আঙুলিৰ বিষ

ডায়েবেটিছ ৰোগীৰ স্নায়ু দুৰ্বল হ’লে আঙুলি জিনজিনায় বা বিষায়। এই সমস্যা বেছি হ’লে ব্লাড চুগাৰ পৰীক্ষা কৰাটো অতি প্ৰয়োজনীয়।

ডায়েবেটিছ

আঙুলিৰ গাঁঠিৰ বিষ আৰু ফুলি যোৱা সমস্যাই বাতবিষৰ সংকেত হ’ব পাৰে। তেজৰ চলাচল সঠিক নহ’লে আঙুলি ৰঙা পৰি ফুলি উঠে।

বাতবিষ

হাতৰ কব্জি বা গাঁঠিত সৰু গোট গঠন হ’লে স্নায়ুত চাপ পৰে আৰু আঙুলি বিষায়। ইয়াৰ বাবে চিকিৎসকৰ পৰামৰ্শ লওক।

গেংলিয়ন চিষ্ট

সৰু কটা-ছিঙা বা ঘা হ’লে ঠাণ্ডাত সহজতে ইনফেকচন হ’ব পাৰে। ইয়াৰ ফলত বিষৰ লগতে আঙুলি উখহি উঠে।

ইনফেকচন

অত্যাধিক ঠাণ্ডাত তেজৰ নলী সংকুচিত হ’লে আঙুলি ফুলি নীলা পৰিব পাৰে। গৰম কাপোৰ ব্যৱহাৰ কৰাটো ইয়াৰ সমাধান হ’ব পাৰে।

তেজৰ সঞ্চালনৰ সমস্যা

স্নায়ু সংকুচিত হ’লে বিষ আঙুলিৰ পৰা হাতলৈ বিয়পি যায়। ইয়াক কাৰ্পল টানেল চিনড্ৰ’ম বুলি কোৱা হয়।

কাৰ্পল টানেল চিনড্ৰ’ম

যদি বিষ কেইবাদিনো থাকে, আঙুলি নীলা পৰে বা অসহ্যকৰ হয়, তেন্তে পলম নকৰি বিশেষজ্ঞৰ পৰামৰ্শ লওক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক 

এনে নিয়ম মানিলে ডায়েবেটিছতো খাব পাৰে মিঠাই!