শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শক্তি বাঢ়িছে যুদ্ধ বিমানৰ, ভাৰতৰ MiG-29ত নতুন মিছাইল সংযোজন!

INS বিক্ৰান্তে কঢ়িয়াই নিয়ে MiG-29 যুদ্ধ বিমান। এই মিগ যুঁজাৰু বিমানখনত যদি এনে ক্ষেপণাস্ত্ৰ সংযোজন কৰা হয়, তেন্তে ইয়াৰ শক্তি কেইবাগুণো বৃদ্ধি পাব। অৱশ্যে এতিয়াও কিছু পৰীক্ষা বাকী আছে। যদি সেই সকলোবোৰ পৰীক্ষা সফল হয় তেন্তে ২০২৭ চনৰ ভিতৰত NASM-MR ক্ষেপণাস্ত্ৰ নৌসেনাত অন্তৰ্ভুক্ত কৰা হ’ব।

শক্তি বাঢ়িছে যুদ্ধ বিমানৰ, ভাৰতৰ MiG-29ত নতুন মিছাইল সংযোজন!
যুদ্ধ বিমান
Trishna Kalita
Trishna Kalita | Updated On: 13 Jan 2026 15:16 PM

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ পথত আৰু এখোজ আগুৱাই গৈছে আমাৰ দেশ ভাৰত। কিয়নো ভাৰতীয় নৌসেনাৰ হাতত থকা মিগ-29কে যুদ্ধ বিমানক মধ্যম দূৰত্বৰ এণ্টি-শ্বিপ মিছাইল হিচাপে সফলতাৰে ব্যৱহাৰ কৰিব পৰা যাব এতিয়া। সফলভাৱে তৈয়াৰী হৈছে এই প্ৰযুক্তি। ইণ্টিগ্রেচন পৰীক্ষাই প্ৰমাণ কৰিছে যে বিমানখনৰ সৈতে এই ক্ষেপণাস্ত্ৰৰ যান্ত্ৰিক, বৈদ্যুতিক আৰু চফটৱেৰ ইণ্টিগ্রেচনে সম্পূৰ্ণৰূপে কাম কৰিছে।

এই সফলতাৰ পিছত ২০২৬ চনৰ প্ৰথম ত্ৰৈমাসিকত আকাশৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপৰ পৰীক্ষা আৰম্ভ হ’ব। তাৰ পূৰ্বে এই ক্ষেপণাস্ত্ৰৰ গ্ৰাউণ্ড আৰু কেৰেজ ট্ৰায়েল সম্পূৰ্ণ হৈছে। NASM-MR-এ কেৱল ভাৰতৰ অস্ত্ৰভাণ্ডাৰত থকা এটা ক্ষেপণাস্ত্ৰক বুজোৱা নাই, বৰঞ্চ ই মিছাইলৰ এটা পৰিয়ালক বুজায়।

NASM-MR আকাশৰ পৰা নিক্ষেপ কৰা এক ক্ষেপণাস্ত্ৰ, ইয়াৰ ৰেঞ্জ প্ৰায় ২৯০ কিলোমিটাৰ। যি জাহাজৰ পৰা ইয়াক নিক্ষেপ কৰা হয়,তাৰ ৰেঞ্জ প্ৰায় ৩৫০ কিলোমিটাৰ। ইয়াৰ উপৰিও ছাবমেৰিনৰ পৰা নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰও আছে ইয়াৰ মাজত।

থলুৱাভাৱে নিৰ্মিত এই ক্ষেপণাস্ত্ৰৰ বিকাশ আৰু গুণগত মান উন্নত কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই আগভাগ লৈছে। এই ক্ষেপণাস্ত্ৰ নিৰ্মাণত সহায় কৰিছে কেইবাটাও ঘৰুৱা সংস্থাই। এই মিছাইলত ব্যৱহাৰ কৰা হৈছে ডুৱেল পালছ চলিড ৰকেট মটৰ, এক্টিভ ৰাডাৰ ছিকাৰ আৰু ইলেক্ট্ৰনিক জেমিং প্ৰতিৰোধী ব্যৱস্থা।