শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰেজাউলৰ ক্ষমা প্ৰাৰ্থনাৰ পৰা ইছৰোৰ নতুন অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ

Top9 News: শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যই সমগ্ৰ ৰাজ্যত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তীব্ৰ গৰিহনা দিয়াৰ লগতে বিভিন্নজনে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে।

ৰেজাউলৰ ক্ষমা প্ৰাৰ্থনাৰ পৰা ইছৰোৰ নতুন অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ
টপ৯
Barasha Sarma
Barasha Sarma | Published: 12 Jan 2026 18:07 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. কংগ্ৰেছত যোগদান কৰিয়েই উজুতি খালে সংখ্যালঘু ছাত্ৰ সংগঠন আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰে। শিৱসাগৰক ধুবুৰী কৰিম বুলি নেতাগৰাকীয়ে কৰা এক মন্তব্যই তীব্ৰ বিতৰ্কৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। তাৰ পাছতেই আজি ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ বাধ্য হয় নেতাগৰাকী।

২. ৰেজাউল কৰিমৰ মন্তব্যক লৈ ক্ষুব্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শিৱসাগৰ সন্দৰ্ভত কংগ্ৰেছৰ নেতাগৰাকীৰ ভাষ্যক অপমানজনক আৰু উচটনিমূলক বুলি অভিহিত কৰি এই বক্তব্যক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰীয়ে। বাংলাদেশৰ পৰা পূৰ্বপুৰুষে প্ৰব্ৰজন কৰা কংগ্ৰেছ নেতাৰ এনে মন্তব্য কৰাৰ কোনো নৈতিক অধিকাৰ নাই বুলি উল্লেখ কৰে ডঃ শৰ্মাই।

৩. ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ বিতৰ্কিত মন্তব‍্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ‍্যৰ দল-সংগঠন। ধুবুৰীক শিৱসাগৰ আৰু শিৱসাগৰক ধুবুৰী সজাম বুলি কোৱা বিতৰ্কিত ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিমূৰ্তি দাহ ডিব্ৰুগড়ত। ৰেজাউলক বহিষ্কাৰ নকৰিলে উজনিত কংগ্ৰেছক নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰতিবাদকাৰী ৰাইজৰ।

৪. কাইলৈ ভোগালী বিহুৰ উৰুকা। হেঁপাহৰ ভোগালী বিহু উদযাপনৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখা গৈছে ব্যাপক উছাহ-উদ্দীপনা। কাইলৈ উলহ-মালহেৰে ভোগালী উৰুকা পালন কৰিব অসমীয়াই। ইফালে আজি নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত দেখা গ’ল উখল-মাখল পৰিৱেশ। মাঘ বিহুৰ সৈতে সংগতি ৰাখি আজিয়েই বিদ্যালয়খনত পালন কৰা হয় ভোগালী পৰম্পৰা।

৫. ধনৰ বিনিয়মত টিকট বিক্ৰী কৰা বুলি পুনৰ এবাৰ কংগ্ৰেছক সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্য়মন্ত্ৰীয়ে কয় যে দলটোৱে ধনৰ বিনিময়ত টিকট প্ৰদান কৰে আৰু দলৰ জ্যেষ্ঠ নেতাই সেই টকাৰে আড়ম্বৰপূৰ্ণ বিবাহ আয়োজন কৰে। টিকট বিতৰণৰ পাছত এই বিষয়টো পৰিস্কাৰ হৈ পৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

৬. গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ হাস্পতালত চাঞ্চল্যকৰ ঘটনা। কৰ্কট চিকিৎসা প্ৰতিষ্ঠানৰ এটা স্নানাগাৰত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। প্ৰতিষ্ঠানখনত ৱাৰ্ড এটেণ্ডেণ্ট হিচাপে কৰ্মৰত আছিল ৰাজবংশী উপাধিৰ যুৱতীগৰাকী। প্ৰাথমিক তথ্য মতে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবেই চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে যুৱতীগৰাকীয়ে।

৭. মঙলবাৰে গুৱাহাটীলৈ অনা হ’ব ফিফা বিশ্বকাপৰ ট্ৰফী। বৰ্ষাপাৰা ষ্টেডিয়ামত ৰাইজে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব এই ট্ৰফী। এই ট্ৰফী দৰ্শনৰ বাবে হ’বলগীয়া জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি আজি বিশেষ ট্ৰেফিক গাইডলাইন জাৰী কৰে মহানগৰ যানবাহন আৰক্ষীয়ে।

৮. ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আজি পুৱা শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা ২০২৬ বৰ্ষৰ প্ৰথমটো ছেটেলাইট মিছন মুকলি কৰে। PSLV-C62 ৰ জৰিয়তে কৰা এই উৎক্ষেপণত দুৰ্ভাগ্যৱশতঃ শেষ মুহূৰ্তত এক কাৰিকৰী বিজুতিয়ে দেখা দিয়ে। ইছৰোৰ তৰফৰ পৰা জনোৱা অনুসৰি, মিছনৰ তৃতীয় পৰ্যায়ৰ শেষৰ ফালে এক বিসংগতি ধৰা পৰে। বৰ্তমান ইয়াৰ বিতং বিশ্লেষণ চলাই থকা হৈছে বুলি ইছৰোৱে সদৰী কৰিছে।

৯. আজি তেজপুৰ আৰু হাওৰাঘাট দুটাকৈ সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্য়মন্ত্ৰীয়ে কয় যে অৰুণোদয়, বিনামূলীয়া চাউল, ৰন্ধন গেছৰ ৰাজসাহায্য, বিনামূলীয়া নামভৰ্তি, নিযুত মইনা আঁচনি আদিৰ জৰিয়তে সাধাৰণ ৰাইজৰ জীৱনযাত্ৰা সহজ কৰি তোলাৰ প্ৰয়াস চলাইছে ৰাজ্য চৰকাৰে।