Sonia Gandhi: চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী, বৰ্তমান স্বাস্থ্যৰ অৱস্থা কেনে জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰীগৰাকীৰ?
দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালত চিকিৎসাধীন জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। সোমবাৰে সন্ধিয়া ভৰ্তি কৰোৱা হয় নেত্ৰীগৰাকীক। কি সমস্যাত ভুগি আছে ছোনিয়া গান্ধীয়ে আৰু চিকিৎসকে কি কয় এই সন্দৰ্ভত, চাওক সবিশেষ-
পুনৰ অসুস্থ কংগ্ৰেছ নেত্ৰী তথা ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ মাতৃ ছোনিয়া গান্ধী। সোমবাৰে সন্ধিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধীক দিল্লীৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসালয়ৰ সূত্ৰই জনোৱা মতে, বৰ্তমান ছোনিয়া গান্ধীৰ অৱস্থা সুস্থিৰ আৰু তেওঁ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছে।
চিকিৎসালয়ৰ সূত্ৰৰ মতে, ছোনিয়া গান্ধী ৰুটিন চেকআপৰ বাবে গংগা ৰাম চিকিৎসালয়লৈ আহিছিল। তেওঁৰ দীৰ্ঘদিন কাহত ভুগি থকাৰ বাবে আৰু বিশেষকৈ দিল্লীৰ প্ৰদূষণৰ বাবে সঘনাই চেকআপৰ বাবে আহে ছোনিয়া গান্ধী। সোমবাৰে সন্ধিয়াও তেওঁক সেইদৰেই ভৰ্তি কৰা হৈছিল।
যোৱা বছৰৰ জুন মাহতো ভৰ্তি হৈছিল ছোনিয়া গান্ধী
ইয়াৰ পূৰ্বে কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীক পেটৰ সমস্যাৰ বাবে যোৱা বছৰৰ জুন মাহত ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সেই সময়ত চিকিৎসালয়খনে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছিল যে ৰাজ্যসভাৰ সাংসদগৰাকীক চিকিৎসালয়খনৰ গেষ্ট্ৰ’এণ্টেৰ’লজী বিভাগত পৰ্যবেক্ষণত ৰখা হৈছিল।
STORY | Sonia Gandhi admitted to Delhi’s Ganga Ram hospital, say sources
Congress leader Sonia Gandhi has been admitted to the Sir Ganga Ram Hospital in Delhi, sources said on Tuesday. She is doing fine and has been kept under observation of a chest physician, they said.
READ:… pic.twitter.com/5S3iT3UCgj
— Press Trust of India (@PTI_News) January 6, 2026
তাৰ কেইদিনমান আগতে ছোনিয়া গান্ধী হিমাচল প্ৰদেশত আছিল আৰু স্বাস্থ্যৰ কিছু জটিলতাৰ সন্মুখীন হোৱাৰ পিছত ৭ জুনত হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাৰ ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
শিমলাৰ পিছত তেওঁক দিল্লীত ভৰ্তি কৰিব লগা হ’ল
চিকিৎসালয়ত ভৰ্তি হোৱা সন্দৰ্ভত হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টা (সংবাদ মাধ্যম) নৰেশ চৌহানে উল্লেখ কৰে যে কংগ্ৰেছ সংসদীয় দলৰ নেতাগৰাকীক কিছুমান সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ সংক্ৰান্তত নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে অনা হৈছিল। চিকিৎসকে ছোনিয়া গান্ধীৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁৰ অৱস্থা সুস্থিৰ বুলি ঘোষণা কৰে। শিমলাৰ পৰা অহাৰ কেইদিনমান পিছতে তেওঁক দিল্লীত পুনৰ ভৰ্তি কৰা হয়।