২২ মিনিটত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ২২ এপ্ৰিলৰ প্ৰতিশোধ লৈছিলো, এয়া ভাৰতৰ ৰুদ্ৰ ৰূপঃ মোদী
আজি এমাহ সম্পূৰ্ণ হ'ল পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ। এই সন্দৰ্ভত মোদীয়ে কয় যে, আমি ২২ মিনিটত ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ২২ এপ্ৰিলৰ উত্তৰ দিছো।

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় ৰাজস্থানৰ বীকানেৰত। এই সময়চোৱাত মোদীয়ে কয় যে, ২২ মিনিটত ৯ টা সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি আমি ২২ এপ্ৰিলৰ উত্তৰ দিছো। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক স্মৰণ কৰি মোদীয়ে কয় যে, ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি আমাৰ ভগ্নীসকলৰ শিৰৰ সেন্দূৰ কাঢ়ি নিছিল। ইয়াৰ পাছত ১৪০ কোটি ভাৰতীয়ই সংকল্প লৈছিল যে সন্ত্ৰাসবাদীসকলক মাটিৰ লগত মিহলাই পেলাম। এই ক্ষেত্ৰত আমাৰ চৰকাৰে তিনিও সেনাক সম্পূৰ্ণ স্বাধনীতা প্ৰদান কৰিছিল।
অপাৰেশ্যন সেন্দূৰৰ কথা উল্লেখ কৰি মোদীয়ে কয় যে, তিনিও সেনাই লগ হৈ পাকিস্তানক আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল। ২২ তাৰিখৰ আক্ৰমণৰ উত্তৰ ২২ মিনিটত সন্ত্ৰাসবাদীসকলে লাভ কৰিছিল। সকলোৱে দেখা পাইছে কেনেকৈ সেন্দূৰ বাৰুদলৈ ৰূপান্তৰিত হ’লে ইয়াৰ পৰিণাম কি হয়।
ভাৰতৰ ৰুদ্ৰ ৰূপ
মোদীয়ে অপাৰেশ্যন সেন্দূৰৰ সফলতা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, মই দেশবাসীক ক’ব বিচাৰো যে যিয়ে সেন্দূৰ কাঢ়িবলৈ বিচাৰিছিল সেইসকলক আমি মাটিৰ লগত মিহলাই পেলাইছো। যিয়ে ভাৰতত তেজ বোৱাইছিল , সেই প্ৰতি টোপাল তেজৰ হিচাপ লোৱা হৈছে। চীনক কটাক্ষ কৰি মোদীয়ে কয় যে, যিসকলে নিজৰ অস্ত্ৰ-শস্ত্ৰক লৈ গৌৰৱ কৰিছিল সেই সকলোবোৰ আজি ধ্বংসস্তূপলৈ পৰিণত হৈছে। ইয়াৰোপৰি পাকিস্তান সন্দৰ্ভত মোদীয়ে কয় যে, এয়া কোনো আক্ৰমণ-প্ৰত্যাক্ৰমণৰ খেল নহয়, এয়া আমাৰ ন্যায়ৰ নতুন ৰূপ। এয়া কেৱল ক্ষোভ নহয় সমগ্ৰ ভাৰতৰ ৰুদ্ৰ ৰূপ। প্ৰথমে ঘৰত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিলো আৰু এতিয়া প্ৰত্যক্ষভাবে বুকুত আক্ৰমণ কৰিছো।
মোদীয়ে লগতে কয় যে,৫ বছৰ পূৰ্বে যেতিয়া দেশে বালাকোটত বিমান আক্ৰমণ চলাইছিল, তেতিয়া মোৰ প্ৰথম জনসভা ৰাজস্থানৰ সীমান্তত অনুষ্ঠিত হৈছিল। এইবাৰ অপাৰেশ্যন সেন্দূৰৰ পাছত মোৰ প্ৰথম জনসভা পুনৰ ইয়াত বীৰ ভূমিত অনুষ্ঠিত হৈছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এয়াই হৈছে সন্ত্ৰাসবাদৰ পৰিণতি। এয়া হৈছে নতুন ভাৰত যিয়ে সন্ত্ৰাসবাদক থেতেলিয়াই পেলায়। অপাৰেশ্যন সেন্দূৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ তিনিটাকৈ নীতি নিৰ্ধাৰণ কৰিছে। প্ৰথমে, উত্তৰ দিয়াৰ সময় আৰু পদ্ধতি সেনাই নিৰ্ধাৰণ কৰিব, পাৰমাণৱিক শক্তিৰ ভয় ভাৰতে নকৰে, আৰু সন্ত্ৰাসবাদীৰ মালিক আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াসকলক একে দৃষ্টিৰে চাব। মোদীয়ে কয়, পাকিস্তানৰ প্ৰকৃত স্বৰূপ সমগ্ৰ বিশ্বই দেখিব। পাকিস্তানে ভাৰতৰ সৈতে প্ৰত্যক্ষ যুদ্ধ কৰি কেতিয়াও জয়ী হ’ব নোৱাৰে। যেতিয়াই যুদ্ধ হ’ব তেতিয়াই তেওঁলোকে ইয়াৰ উত্তৰ পাব।
মোদীৰ তেজত সেন্দূৰ
মোদীয়ে কয় যে, মোদীৰ মগজু সদায় ঠাণ্ডা হৈ থাকে, কিন্তু তেজত গৰম হৈ থাকে আৰু এতিয়া মোদীৰ শিৰাত তেজ নহয় গৰম সেন্দূৰ বৈ আছে। প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ মূল্য পাকিস্তানে ভৰিব লাগিব। পাকিস্তানৰ অৰ্থনীতিয়ে ফল ভুগিব লাগিব।
তেওঁ লগতে কয়, পাকিস্তানে বিকানেৰৰ নল এয়াৰবেছক লক্ষ্য কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ’ব নোৱাৰিলে। কিন্তু সীমান্তৰ সিপাৰে পাকিস্তানৰ ৰহিম য়াৰ খান এয়াৰবেছ আজি আই চি ইউত। পাকিস্তানৰ লগত বাণিজ্যও নহয়, আলোচনাও নহয়। আলোচনা হ’লে কেৱল পি অ কেৰ ওপৰত হ’ব। পাকিস্তানে ভাৰতৰ অধিকাৰৰ পানী লাভ নকৰে। ভাৰতত তেজৰ খেলা কৰা পাকিস্তানে মূল্য ভৰিব লাগিব। এয়া ভাৰতৰ সংকল্প।
এমাহ সম্পূৰ্ণ
উল্লেখ্য যে, আজি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ এমাহ সম্পূৰ্ণ হ’ল। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰত সংঘটিত হোৱা নাৰকীয় ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। য’ত ২৬ জনকৈ পৰ্যটকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহুতো। ইয়াৰ পাছতে ভাৰতে প্ৰতিশোধ স্বৰূপে পাকিস্তান আৰু পি অ’ কেৰ সন্ত্ৰাসবাদী ঘাটিত চলাইছিল অপাৰেশ্যন সেন্দূৰ। সন্ত্ৰাসবাদীয়ে ভাৰতীয়ৰ সেন্দূৰ কাঢ়িব বিচাৰিছিল যাৰ বাবে ভাৰতে সেন্দূৰ অপাৰেশ্যনৰ সহায়ত ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰি ১০০জনতকৈ অধিক সন্ত্ৰাসবাদীক নিহত কৰিছিল।
ইয়াৰ পাছত পাকিস্তানে ভাৰতত আক্ৰমণ চলাইছিল যদিও ভাৰতে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছিল। এই সময়চোৱাত ভাৰতীয় সেনাই ধ্বংস কৰিছিল পাকিস্তানৰ বহু মিছাইল, ড্ৰ’ন আক্ৰমণ আদি। আনকি চীনত নিৰ্মিত ফাইটাৰ জেটো ধ্বংস কৰিছিল ভাৰতে। অৱশেষত ১০ মে’ত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধ বিৰতি হৈছিল।
অন্য খবৰ পঢ়কঃ ভাৰতৰ সৈতে বন্ধুত্বৰ নাটক! ইফালে বেইজিঙত বহি চীন-পাকিস্তানৰ সৈতে ষড়যন্ত্ৰ ৰচাৰ প্ৰস্তুতি আফগানিস্তানৰ…