ভাৰতৰ সৈতে বন্ধুত্বৰ নাটক! ইফালে বেইজিঙত বহি চীন-পাকিস্তানৰ সৈতে ষড়যন্ত্ৰ ৰচাৰ প্ৰস্তুতি আফগানিস্তানৰ…
এফালে ভাৰতৰ সৈতে বন্ধুত্ব, আনফালে শত্ৰু ৰাষ্ট্ৰৰ সৈতে বৈঠক। লাহে লাহে আচল স্বৰূপ ওলাই পৰিছে আফগানিস্তানৰ। উল্লেখ্য যে, যোৱা ১ মে'ৰ বৈঠকৰ পাছত পুনৰ চীন-পাকিস্তানৰ সৈতে বৈঠকত মিলিত হ'ব আফগানিস্তান।

যোৱা কেইটামান দিনত বিশ্বৰ প্ৰক্ষেপটত বহু পৰিবৰ্তন ঘটিছে। এই সময়চোৱাত পাকিস্তানৰ লগতে চীন আৰু বাংলাদেশে ভাৰতৰ বিৰুদ্ধে প্ৰায় মুকলিকৈ থিয় দিছে। এখনৰ পাছত আনখন ৰাষ্ট্ৰই ভাৰতৰ বিৰোধিতা কৰিছে যদিও কেইখনমান ৰাষ্ট্ৰ ভাৰতৰ লগত আছিল। ইয়াৰে অন্যতম এখন আছিল আফগানিস্তান। আফগানিস্তানে মুকলিকৈ একো নক’লেও তালিবানৰ শাসনৰ পাছত ভাৰতৰ লগত দেশখনৰ সম্পৰ্কৰ পৰিবৰ্তন ঘটিছিল। কিন্তু এতিয়া আফগানিস্তানৰ অন্য এটা ৰূপহে পোহৰলৈ আহিছে।
তথ্য অনুসৰি, পাকিস্তানক শত্ৰু বুলি বাৰে বাৰে কৈ থকা আফগানিস্তানে যোৱা ১ মে’ত পাকিস্তান আৰু চীনৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিছিল। এই বৈঠক আফগানিস্তানৰ কাবুলত অনুষ্ঠিত হৈছিল। খবৰ অনুসৰি, অহা ২০ মে’ত বেইজিঙত পুনৰ এই ৩ খন দেশৰ মাজত বৈঠক অনুষ্ঠিত হ’ব। ১০ মে’ত হোৱা বৈঠকত চীন আৰু পাকিস্তানে আফগানিস্তানক সকীয়নি প্ৰদান কৰি ভাৰতৰ পৰা আঁতৰত থাকিব দিছিল। গতিকে ক’ব পাৰি যে, আফগানিস্তানে ভাৰতৰ সৈতে বন্ধুত্বৰ নাটক কৰি আছে যদিও চীন আৰু পাকিস্তানৰ হৈ মুকলিকৈ ওলাই আহিছে।
আফগানিস্তানে চীন আৰু পাকিস্তানৰ পৰা তালিবান শাসনৰ আনুষ্ঠানিক স্বীকৃতি লাভৰ চেষ্টা চলাইছে। কিয়নো দুয়োখন দেশৰ পৰা স্বীকৃতি লাভ কৰাৰ পাছত এছিয়াত তালিবানৰ বাবে ই এক ডাঙৰ জয় হ’ব। সেইবাবে আফগানিস্তানে ভাৰতৰ লগতে এই দুয়োখন দেশৰ সৈতে সু-সম্পৰ্ক গঢ়ি তোলাৰ চেষ্টা চলাই গৈছে। কিন্তু এই দেশ দুখনৰ সৈতে ঘনিষ্ঠতা তালিবানৰ দেশ আৰু অঞ্চলটোৰ বাবে ঠিক নহ’ব।
জানিব পৰা মতে, সোমবাৰে বেইজিং ভ্ৰমণ কৰি চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙক সাক্ষাৎ কৰিব পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী ইছাক দাৰে। সূত্ৰৰ তথ্যৰ ওপৰত ভিত্তি কৰি এ আৰ ৱাই নিউজে জনোৱা মতে, ২০ মে’ত আফগানিস্তানৰ অন্তৱৰ্তীকালীন বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীয়েও চীনত উপস্থিত হ’ব।
উল্লেখ্য যে, পহলগাম কাণ্ডক লৈ ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে এই কূটনৈতিক প্ৰচেষ্টা হাতত লৈছে দেশকেইখনে। পহলগমা সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে চলোৱা অপাৰেশ্যন সেন্দূৰক তালিবানে সমৰ্থন জনাইছিল যদি চীনে পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াইছিল। গতিকে কাইলৈ হবলগীয়া এই বৈঠকত আফগানিস্তানক ভাৰতৰ পৰা দূৰ কৰাৰ প্ৰয়াস কৰিব পাৰে চীন-পাকিস্তানে।
গতিকে অপেক্ষা মাঁথো কাইলৈৰ বাবে। ২০ মে’ত গম পোৱা যাব এই বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে দেশ তিনিখনে। অৱশ্যে যদি আফগানিস্তানে ভাৰতৰ সমৰ্থনৰ পৰা আঁতৰি যায় তেন্তে সেয়া আমাৰ দেশৰ বাবে শুভ সংকেত নহ’ব। ইতিমধ্যে একাংশ চুবুৰীয়া ৰাষ্ট্ৰই ভাৰতৰ বিৰোধিতা কৰিছে। তেনে ক্ষেত্ৰত আফগানিস্তানেও যদি সমৰ্থন প্ৰত্যাহাৰ কৰে তেন্তে ই দেশৰ বাবে এক চিন্তনীয় বিষয় হ’ব।
অন্য খবৰ পঢ়কঃ বিপদত বাংলাদেশ! ভাৰতৰ এই সিদ্ধান্তত হাজাৰ কোটি টকাৰ লোকচান ভৰিব লাগিব চুবুৰীয়া ৰাষ্ট্ৰখনে…