ষ্ট্ৰাইকক লৈ সন্তুষ্ট নহয়! পহলগাম আক্ৰমণত কপাল উকা হোৱা পত্নীয়ে উত্থাপন কৰিলে এই দাবী…
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুৰ হিচাপে মঙলবাৰে গভীৰ নিশা পাকিস্তান আৰু PoKত বিমান আক্ৰমণ কৰে ভাৰতে। ইয়াৰ ফলত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। এই অভিযানৰ নাম ৰখা হৈছিল অপাৰেশ্যন সেন্দূৰ। পহলগাম আক্ৰমণৰ বলি হোৱা মহিলাসকলে এই পদক্ষেপক লৈ কি ক’লে জানো আহক।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰতে পাকিস্তান আৰু PoK ৰ সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰে। এই অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হয়। এই অভিযানৰ নাম ৰখা হৈছিল অপাৰেশ্যন সেন্দূৰ। ভাৰতৰ এই পদক্ষেপৰ উদ্দেশ্য আছিল পহলগামৰ ভুক্তভোগী মহিলাসকলৰ ন্যায় প্ৰদান কৰা। ২২ এপ্ৰিলত সন্ত্ৰাসবাদীয়ে পহলগাম আক্ৰমণ কৰিছিল, য’ত ২৬ জন লোক নিহত হৈছিল। পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীয়ে বিশেষভাৱে পুৰুষক লক্ষ্য কৰি পৰিয়ালৰ সন্মুখতে তেওঁলোকক হত্যা কৰিছিল।
ভাৰতৰ এই সামৰিক পদক্ষেপৰ নাম সেন্দূৰ ৰখাৰ কাৰণ হ’ল ভাৰতীয় হিন্দু পৰম্পৰা অনুসৰি বিবাহিত মহিলাসকলে শিৰত সেন্দূৰ লয় আৰু ইয়াক বিবাহিত মহিলা হোৱাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। অপাৰেশ্যন সেন্দূৰৰ নামেৰে পহলগাম আক্ৰমণত চকুৰ সন্মুখতে স্বামীক হেৰুৱা মহিলাসকলক সন্মান জনোৱা হৈছে।
কি দাবী কৰিছে ভুক্তভোগী মহিলাসকলে?
এই ঘটনাৰ পিছত সমগ্ৰ দেশতে পাকিস্তানৰ বিৰুদ্ধে ক্ষোভৰ পৰিবেশ সৃষ্টি হৈছিল আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। ৰাইজৰ দাবী পূৰণ কৰি ভাৰতীয় সেনাই মঙলবাৰে গভীৰ নিশা পাকিস্তানত আক্ৰমণ চলায়। কিন্তু এই ষ্ট্ৰাইকত সন্তুষ্ট নহয় পহলগামৰ ভুক্তভোগী মহিলাসকল। তেওঁলোকে ইয়াৰ বাবে এক কঠিন দাবী উত্থাপন কৰিছে।
এই আক্ৰমণত নিহত সমীৰ গুহাৰ পত্নী সৰ্ববাৰী গুহাই কয় যে কেৱল কেইটামান সন্ত্ৰাসবাদী শিবিৰত আক্ৰমণ কৰিলেই শান্তি নাহে কিন্তু একমাত্ৰ স্থায়ী সমাধান হ’ল পাকিস্তানক মানচিত্ৰৰ পৰা আঁতৰাই পেলোৱা। সৰ্ববাৰীয়ে ক’লে, মই যি হেৰুৱালোঁ, মই ঘূৰাই পাব নোৱাৰো। কিন্তু এই আক্ৰমণে আমাৰ সকলোকে কিছু সকাহ দিলে। এই অভিযানৰ বাবে কেন্দ্ৰীয় চৰকাৰক মই শব্দৰে ধন্যবাদ দিব নোৱাৰো। যদিহে পাকিস্তানক মানচিত্ৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই নিদিয়ে তেন্তে পুনৰ এনে ঘটনা ঘটিব পাৰে। এই ভাবুকি ৰোধ কৰিবলৈ চৰকাৰে আৰু অধিক পদক্ষেপ ল’ব বুলি মই নিশ্চিত।”
প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞ…
সমীৰ গুহাৰ আত্মীয় সুশান্ত ঘোষে কয়, “চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছিল। আমি সকলোৱে ইয়াৰ বাবে অপেক্ষা কৰি আছিলো আৰু অৱশেষত আক্ৰমণটো ঘটিল।” ইফালে, মৃত বিতন অধিকাৰীৰ পত্নী সোহিনী অধিকাৰীয়ে কয় যে, তেওঁ যেনেদৰে সেন্দূৰ হেৰুৱালে আন কোনো মহিলাই তেনেকৈ সেন্দূৰ হেৰুৱাব নালাগে।
সোহিনীয়ে ক’লে, “মোৰ এতিয়াও বিশ্বাস আছে যে মোৰ প্ৰয়াত স্বামীয়ে আমাক দেখি আৰু শুনি আছে। মই ভাবো তেওঁ এই আক্ৰমণত সুখী। আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো। মই মোৰ সেন্দূৰ হেৰুৱালোঁ, মোৰ দৰে আন কোনেও যাতে সেন্দূৰ হেৰুৱাব নালাগে। এই ‘অপাৰেশ্যন সেন্দূৰ’-এ ইয়াক নিশ্চিত কৰিব লাগে।”
চৰকাৰে কি ক’লে?
বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয়, “ভাৰতৰ এই পদক্ষেপ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বিবৃতিৰ সৈতে সংগতি চলোৱা হৈছে, য’ত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দোষী, সংগঠক, বিত্তীয় আৰু পৃষ্ঠপোষকক জবাবদিহি কৰা হৈছে।” সামৰিক বিষয়াসকলৰ মতে, “অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতীয় সেনাই মুৰিদকেৰ লস্কৰ-ই-তৈবাৰ (লেট) মাৰ্কাজ টাইবা, বাহাৱালপুৰত জয়ছ-ই-মহম্মদৰ (জেম) মাৰ্কাজ চুভান আল্লাহ আৰু ছিয়ালকোটত থকা হিজবুল মুজাহিদীনৰ মাহমুনা জ’য়া ফেচিলিটি আৰু বাৰ্নালাৰ মাৰ্কাজ আহলে হাদীছত থকা লস্কৰৰ ঘাটি আৰু মুজাফ্ফৰাবাদৰ শ্বোৱাই নালাত থকা লস্কৰৰ শিবিৰক লক্ষ্য কৰি লোৱা হয়।
লগতে পঢ়ক: পাকিস্তানৰ শীৰ্ষ ১০ গৰাকী ধনী মুছলমান কোন কোন? প্ৰথমজন ১৩.৭ বিলিয়ন ডলাৰৰ মালিক