পাকিস্তানৰ শীৰ্ষ ১০ গৰাকী ধনী মুছলমান কোন কোন? প্ৰথমজন ১৩.৭ বিলিয়ন ডলাৰৰ মালিক
আপুনি জানেনে যে দুখীয়া দেশ পাকিস্তানতো বহুত ধনী মানুহ আছে? পাকিস্তানৰ আটাইতকৈ ধনী ব্যক্তি শ্বাহিদ খান। তেওঁ আমেৰিকাৰ ফুটবল দল Jacksonville Jaguarsৰ মালিক। যাৰ সম্পত্তি ১৩.৭ বিলিয়ন ডলাৰ।

পাহলগাম আক্ৰমণৰ ঠিক ১৫ দিনৰ পাছতেই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ পৰা প্ৰতিশোধ ল’লে ভাৰতে। এই প্ৰমাণ অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে সংঘটিত কৰা নিৰ্দিষ্ট প্ৰতিশোধমূলক বিমান আক্ৰমণে দিছিল। কিন্তু আপুনি জানেনে যে দুখীয়া দেশ পাকিস্তানতো বহুত ধনী মানুহ আছে। পাকিস্তানৰ আটাইতকৈ ধনী ব্যক্তি শ্বাহিদ খান। আজি এই প্ৰতিবেদনত আমি আপোনালোকক পাকিস্তানৰ শীৰ্ষ ১০ জন ধনী লোকৰ মুঠ নেটৱৰ্থৰ বিষয়ে জনাম।
শ্বাহিদ খান
পাকিস্তানৰ আটাইতকৈ ধনী ব্যক্তি শ্বাহিদ খান। কিন্তু তেওঁ পাকিস্তানত নহয়, আমেৰিকাতহে থাকে। তেওঁ এজন ব্যৱসায়ী আৰু লগতে অটো যোগানকাৰী কোম্পানী ফ্লেক্স এন গেটৰ মালিক। ইয়াৰ লগতে তেওঁ আমেৰিকাৰ ফুটবল দল জেকচনভিল জাগুয়াৰ্ছৰো স্বত্বাধিকাৰী। তেওঁৰ সম্পত্তি ১৩.৭ বিলিয়ন ডলাৰ।
মিয়ান মহম্মদ মানছা
মিয়ান মহম্মদ মানছা পাকিস্তানৰ দ্বিতীয়গৰাকী ধনী ব্যক্তি। তেওঁ পাকিস্তানত বাস কৰে আৰু দেশখনৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ী। তেওঁ পাকিস্তানৰ এমচিবি বেংকৰ অধ্যক্ষ। স্বাধীনতাৰ পিছত তেওঁৰ পৰিয়াল পাকিস্তানলৈ গৈছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৫ বিলিয়ন ডলাৰ।
আনোৱাৰ পাৰভেজ
তেওঁ পাকিস্তানৰ তৃতীয়গৰাকী ধনী ব্যক্তি। তেওঁ ব্ৰিটেইনত থাকে। আনোৱাৰ পাৰভেজ পাকিস্তানৰ দ্বিতীয় বৃহত্তম চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান গ্ৰুপৰ প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ। ইয়াৰ ব্যৱসায় ব্ৰিটেইনতো বিয়পি পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩ বিলিয়ন ডলাৰ।
নাছেৰ শ্বাউন
তেওঁ পাকিস্তানৰ অন্যতম ডাঙৰ ব্যৱসায়ী। পাকিস্তানৰ বেংকিং আৰু বস্ত্ৰ বজাৰত তেওঁ এটা ডাঙৰ নাম। শ্বাউন গ্ৰুপৰ চিইঅ’। তেওঁ আছিল পাকিস্তানত ৰ’লছ ৰয়ছৰ গাড়ী কিনা প্ৰথমজন ব্যক্তি। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তি এক বিলিয়ন ডলাৰ।
ৰফিক এম হাবিব
ৰফিক এম হাবিব পাকিস্তানৰ ‘হাউছ অৱ হাবিব’ আৰু ‘হাবিব বেংক লিমিটেড’ৰ সৈতে জড়িত। এয়া তেওঁলোকৰ পাৰিবাৰিক ব্যৱসায়। ইয়াত ‘হাউছ অৱ হাবিব’ কোম্পানীসমূহৰ গ্ৰুপ অন্তৰ্ভুক্ত হৈ আছে যিটো ১৮৪১ চনত মুম্বাইত স্থাপিত হৈছিল।কেৱল এয়াই নহয়, তেওঁলোকৰ ব্যৱসায় টাইলছ, বীমা, শিক্ষা আৰু চিকিৎসালয়লৈকে বিস্তৃত। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৯৫ কোটি ডলাৰ।
এই ৫ টা নামো ধনী লোকৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে
এওলোকৰ বাহিৰেও আন ৫ টা নামো পাকিস্তানৰ ধনী মানুহৰ তালিকাত অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত তাৰিক ছায়েদ ছাইগোল ৬ নম্বৰত আছে যাৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৯০ কোটি ডলাৰ। ৮০ কোটি ডলাৰৰ সম্পত্তিৰে ৭ম স্থানত আছে ইউছুফ ফাৰুকী আৰু ৮০ কোটি ডলাৰৰ সম্পত্তিৰে ৮ম স্থানত আছে চুলতান আলী লখানী। নৱম স্থানত আছে ছেঠ আবিদ হুছেইন যাৰ সম্পত্তিৰ পৰিমাণ ৭৮ কোটি ডলাৰ আৰু দশম স্থানত আছে মজিদ বছিৰ, যাৰ সম্পত্তিৰ পৰিমাণ ৭৫ কোটি ডলাৰ।
লগতে পঢ়ক: ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ লাহোৰ, প্ৰত্যক্ষদৰ্শীৰ মতে-এয়া মিছাইল আক্ৰমণ