ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিল পাকিস্তানৰ লাহোৰ, প্ৰত্যক্ষদৰ্শীৰ মতে-এয়া মিছাইল আক্ৰমণ
Lahore airport: বৃহস্পতিবাৰে লাহোৰত ইটোৰ পিছত সিটোকৈ কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। ইয়াৰ পিছত বন্ধ হৈ পৰে লাহোৰ বিমানবন্দৰ। এই বিস্ফোৰণ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে এই আক্ৰমণ মিছাইলেৰে সংঘটিত কৰা হৈছে। যাৰ বাবে বহু বিমান ক্ষতিগ্ৰস্ত হৈছে ,যাৰ বাবে যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে।

এতিয়াও শেষ হোৱা নাই পাকিস্তানৰ সমস্যা। বৃহস্পতিবাৰে লাহোৰত এটাৰ পিছত এটাকৈ কেইবাটাও বিস্ফোৰণ সংঘটিত হয়। লাহোৰৰ পুৰণি বিমানবন্দৰৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণসমূহ। ইয়াৰ পিছত বন্ধ কৰি দিযা হয় লাহোৰ বিমানবন্দৰ। এই বিস্ফোৰণৰ সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে এই আক্ৰমণ মিছাইলেৰে সংঘটিত কৰা হৈছে। অপাৰেশ্যন সেন্দূৰৰ পিছত এইবাৰ দ্বিতীয় বৃহত্তম আক্ৰমণ বুলি বিবেচিত হৈছে। বিস্ফোৰণত হতাহত হোৱা লোকৰ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই যদিও ফটোসমূহে অট্টালিকাসমূহৰ বৃহৎ ক্ষতিৰ ইংগিত দিছে।
একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে দুটাৰ পৰা তিনিটা বিস্ফোৰণ সংঘটিত হোৱাৰ বিপৰীতে এজন প্ৰত্যক্ষদৰ্শীয়ে কয় যে এই আক্ৰমণ ক্ষেপণাস্ত্ৰৰে সংঘটিত কৰা হৈছে। খবৰ অনুসৰি বিস্ফোৰণৰ পিছত বন্ধ কৰি দিয়া হৈছে লাহোৰ পুৰণি বিমানবন্দৰ । যাৰ বাবে বহু বিমান ক্ষতিগ্ৰস্ত হৈছে আৰু যাত্ৰীসকল সমস্যাৰ সন্মুখীন হৈছে।
ইফালে পহলগাম আক্ৰমণৰ পিছত সমস্যা বাঢ়িছে পাকিস্তানৰ । ২২ এপ্ৰিলৰ পৰা পাকিস্তানে ভয়ে ভয়ে জীয়াই থকাৰ সময়তে ৭ মে’ত এই ভয় আটাইতকৈ ভয়ংকৰ নিশালৈ ৰূপান্তৰিত হয়। ৭ মে’ৰ মাজনিশা ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰৰ আৰম্ভ কৰি পাকিস্তান আৰু পি অ’ কেত কেইবাটাও আক্ৰমণ চলাই ৯টা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ ঘাটী ধ্বংস কৰে। এই ঘাটিসমূহৰ পৰাই ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছে বুলি সেনাই দাবী কৰিছে। ভাৰতৰ এই অভিযানত পাকিস্তানৰ প্ৰায় ১০০ জন সন্ত্ৰাসবাদী নিহত হৈছে, তাৰ পিছত বহু কঁকাল ভাঙি গৈছে সন্ত্ৰাসবাদী সংগঠনৰ।
Three blasts were heard in Lahore Walton air port…
Further details awaited pic.twitter.com/9UHe19gjAb— War & Gore (@Goreunit) May 8, 2025
য’ত এফালে পাকিস্তান সেনাই ভাৰতীয় সেনাৰ আক্ৰমণৰ সন্মুখীন হৈছে। আনহাতে বেলুচিস্তানত BLA-এ ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বুধবাৰে বিএলএই পাকিস্তানী সেনাৰ এখন গাড়ীক লক্ষ্য কৰি লৈছিল য’ত ১২ জন পাকিস্তানী জোৱানৰ মৃত্যুৰ আশংকা কৰা হৈছে।