শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অন্য যুৱকৰ সৈতে প্ৰেম, স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। জানিব পৰা মতে, এজন লোকক তেওঁৰ পত্নী আৰু প্ৰেমিকে মিলি হত্যা কৰে। অৱশেষত বহু তদন্তৰ অন্তত এই কাণ্ডৰ ৰহস্য পোহৰলৈ আহে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অন্য যুৱকৰ সৈতে প্ৰেম, স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…
মৃত যুৱকজন
barasha-sarma
Barasha Sarma | Updated On: 04 Jan 2026 19:56 PM

পুনৰ পোহৰলৈ অহা এক ঘটনাই মানৱ সমাজক লজ্জিত কৰি তুলিছে। যোৱা ৩০ ডিচেম্বৰত মধ্যপ্ৰদেশ মৌগঞ্জ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল। শেহতীয়াকৈ এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে মৃত লোকজনৰ পত্নী আৰু তেওঁৰ এজন বন্ধুক গ্ৰেপ্তাৰ কৰিছে। তদন্তত প্ৰকাশ পাইছে যে, প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে স্বামীক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল। সম্প্ৰতি মহিলাগৰাকীৰ প্ৰেমিক পলাতক অৱস্থাত আছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে ১৩৫ নং ৰেৱা-মিৰ্জাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছিল। মৃতদেহটোৰ অৱস্থা ইমানেই ভয়ংকৰ আছিল যে চিনাক্ত কৰাতো আৰক্ষীৰ বাবে কঠিন হৈ পৰিছিল। লোকজনৰ মূৰ আৰু মুখত একাধিক চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল। হত্যাকাণ্ড ইমানেই নৃশংস আছিল যে মৃতদেহটোৰ মুখখন বিকৃত হৈ পৰিছিল। পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে, লগতে তদন্ত আৰম্ভ কৰে।

দীৰ্ঘদিন ধৰি কৰা তদন্তৰ অন্তত আৰক্ষীয়ে এতিয়া এই কাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আনিছে। তদন্তৰ সময়ত আৰক্ষীয়ে জানিব পাৰে যে মৃতদেহটো সুধীৰ দহিয়া ওৰফে লালা নামৰ এজন ব্যক্তিৰ। তাৰ পাছতে আৰক্ষীয়ে লোকজনৰ পত্নীক সোধা পোছা কৰে। য’ত পোহৰলৈ আহে, লোকজনৰ পত্নী আৰু তেওঁৰ প্ৰেমিকে এই হত্যাৰ ষড়যন্ত্ৰ ৰচিছে। আৰক্ষীৰ জেৰাত পত্নীয়ে জনাই যে, স্বামীয়ে প্ৰেমিকৰ সৈতে প্ৰেম কৰাত বাধা দিছিল, যাৰ বাবে হত্যা কৰে।

কেনেকৈ হত্যা কৰিছিল?

আৰক্ষীয়ে কয় যে, মৃতকৰ পত্নী আৰু তেওঁৰ প্ৰেমিক আৰ্য ওৰফে গব্ৰুৱে এই হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। সেই অনুসৰি পত্নী, আৰ্য আৰু বাবা পণ্ডিত নামৰ এজন লোকে মিলি এই হত্যাকাণ্ড সংঘটিত কৰিছিল। ঘটনাৰ নিশা তেওঁলোকে ভুুক্তভোগীক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিছিল। এই কাণ্ড যাতে দুৰ্ঘটনা যেন লাগে তাৰ বাবে তেওঁলোকে মৃতদেহটো ৰাজপথৰ কাষত পেলাই থৈ যায়। কিন্তু আৰক্ষীৰ তদন্তত এতিয়া সকলো পোহৰলৈ আহিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত লোকজনৰ পত্নী আৰু বন্ধুক গ্ৰেপ্তাৰ কৰিছে। ইফালে পলাতক অৱস্থাত আছে প্ৰেমিক। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

 

 

অন্য খবৰ পঢ়কঃ ৯২% জনতাৰ ওচৰত নাই খাদ্য! দুখীয়া দেশ এখনত আমেৰিকাৰ আক্ৰমণ কিয়? কি লুকাই আছে মাটিৰ তলত…