শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাৰাগাৰতে থাকিব লাগিব ওমৰ-শ্বাৰ্জিল, উচ্চতম ন্যায়ালয়তো খাৰিজ হ’ল জামিন আবেদন

দিল্লী উচ্চ ন্যায়ালয়ত জামিন বিমুখ হোৱাৰ পিছত ওমৰ আৰু শ্বাৰ্জিলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও আজি তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছে। অৱশ্যে, এই একেটা গোচৰৰে আন ৫ গৰাকী অভিযুক্তক আদালতে জামিন প্ৰদান কৰিছে।

কাৰাগাৰতে থাকিব লাগিব ওমৰ-শ্বাৰ্জিল, উচ্চতম ন্যায়ালয়তো খাৰিজ হ’ল জামিন আবেদন
উচ্চতম ন্যায়ালয়ত বিমুখ ওমৰ-শ্বাৰ্জিলImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 05 Jan 2026 13:14 PM

মুকলি আকাশৰ তললৈ অহাৰ বাবে আৰু দীঘলীয়া সময় অপেক্ষা কৰিব লাগিব দুই কাৰাৰুদ্ধ ছাত্ৰ নেতা ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামে। বিগত ৫ বছৰ ধৰি কাৰাগাৰত বন্দী হৈ থকা ছাত্ৰনেতা দুগৰাকীয়ে আজি উচ্চতম ন্যায়ালয়ে আজি এক মোক্ষম আঘাত সহিবলগা হয়। দিল্লী উচ্চ ন্যায়ালয়ত জামিন বিমুখ হোৱাৰ পিছত ওমৰ আৰু শ্বাৰ্জিলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কিন্তু দেশৰ সৰ্বোচ্চ ন্যায়ালয়েও আজি তেওঁলোকৰ জামিন আবেদন নাকচ কৰিছে। অৱশ্যে, এই একেটা গোচৰৰে আন ৫ গৰাকী অভিযুক্তক আদালতে জামিন প্ৰদান কৰিছে।

ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু এন.ভি. আঞ্জাৰিয়াৰ বিচাৰপীঠে আজি ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন নাকচ কৰে। নিজ ৰায়দানত শীৰ্ষ আদালতে বহুকেইটা দিশৰ প্ৰতি আঙুলিয়াই দি ওমৰ আৰু শ্বাৰ্জিল বৰ্তমানৰ বাবে কাৰাগাৰতে থাকিব লাগিব বুলি স্পষ্ট কৰি দিয়ে।

ন্যায়ালয়ৰ পৰ্যবেক্ষণ

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে যিহেতু এই গোচৰটো সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত, সেয়েহে তদন্তৰ স্বাৰ্থত অভিযুক্তক জিম্মাত ৰখাটো প্ৰয়োজন। ইউএপিএ (UAPA) আইনৰ অধীনত কেৱল হত্যা বা ধ্বংসলীলাই নহয়, বৰঞ্চ অত্যাৱশ্যকীয় সেৱাত বাধা দিয়া আৰু দেশৰ অৰ্থনীতিৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কাৰ্যকো সামৰি লোৱা হৈছে।

দীর্ঘদিনীয়া বন্দীত্ব

ওমৰ খালিদ ২০২০ চনৰ ১৩ ছেপ্টেম্বৰৰ পৰা আৰু শ্বাৰ্জিল ইমাম ২০২০ চনৰ ২৮ জানুৱাৰীৰ পৰা কাৰাগাৰত আছে। অভিযুক্তসকলে বিচাৰ প্ৰক্ৰিয়াত হোৱা বিলম্বৰ বাবে মুক্তি বিচাৰিছিল যদিও আদালতে দেশৰ নিৰাপত্তাক অগ্ৰাধিকাৰ দি তেওঁলোকৰ আবেদন খাৰিজ কৰে।

২০২০ চনৰ দিল্লী সংঘৰ্ষ

দিল্লী আৰক্ষীৰ মতে, ২০২০ চনৰ ফেব্ৰুৱাৰীত নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী প্ৰতিবাদৰ নামত চলোৱা হিংসাত্মক কাৰ্যকলাপ এক সুপৰিকল্পিত ষড়যন্ত্ৰ আছিল। এই হিংসাত বহু লোকৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ ব্যাপক ক্ষতি হৈছিল। শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে তেওঁৰ এটা ভিডিঅ’ উপস্থাপন কৰা হৈছিল।

এই ভিডিঅ’টোত শ্বাৰ্জিল ইমামে ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰিবলৈ ‘চিকেন নেক’ কৰিডৰ অৱৰোধ কৰা বুলি অভিযোগ উত্থাপন হৈছিল। ইয়াৰ উপৰিও দিল্লী স্তব্ধ কৰিবলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ কৰাৰ পৰিকল্পনা কৰাৰো অভিযোগ উত্থাপন হৈছিল শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে। আজি উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিছত ওমৰ খালিদ আৰু শাৰ্জিল ইমামৰ আইনী যুঁজ এতিয়া অধিক কঠিন হৈ পৰিল।