শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিয়াৰ ৪মাহ পাছত ৩ সন্তানৰ পিতৃৰ সৈতে পত্নীৰ প্ৰেম! স্বামীয়ে কৰিলে ডাঙৰ কাণ্ড…

বিয়াৰ কেইটামান মাহ পাছতে ন কইনা অন্য এজন লোকৰ প্ৰেমত পৰে। যি কথা স্বামীয়ে সহ্য কৰিব নোৱাৰি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমগ্ৰ কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীৰ তদন্ত অব্যাহত আছে।

বিয়াৰ ৪মাহ পাছত ৩ সন্তানৰ পিতৃৰ সৈতে পত্নীৰ প্ৰেম! স্বামীয়ে কৰিলে ডাঙৰ কাণ্ড…
প্ৰতীকী ফটোImage Credit source: META AI
barasha-sarma
Barasha Sarma | Published: 30 Dec 2025 16:31 PM

বিয়া এখনক লৈ প্ৰায় সকলোৰে নিজা নিজা সপোন থাকে। এনে বহু সপোন বুকুত বান্ধি এজন যুৱকে প্ৰায় ১০ মাহ পূৰ্বে এগৰাকী যুৱতীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বৰ আশাৰ ন কইনাক ঘৰলৈ আনি সুখৰ সংসাৰ আৰম্ভ কৰিছিল। সাতটা জীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতি দি বিবাহ পাশত আৱদ্ধ হৈছিল যদিও এই সংসাৰ বেছিদিন নাথাকিল। কিয়নো বিয়াৰ ৪ মাহ পাছতে কইনা মামা শহুৰেকৰ প্ৰেমত পৰে। যাৰ পাছত দৰাৰ মৃত্যু হয়। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰুত।

জানিব পৰা মতে, বিয়াৰ কেইটামান মাহ পাছতেই মহিলাগৰাকীৰ অন্য এজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। এই কথা স্বামীয়ে গম পাই সহ্য কৰিব পৰা নাছিল। যাৰ বাবে ২৬ বছৰীয়া লোকজনে জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে।মৃত্যুৰ পূৰ্বে তেওঁ এটি ভিডিঅ’ প্ৰস্তুত কৰি থৈ যায়, য’ত তেওঁ পত্নী আৰু মোমায়েকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, ২৭ ডিচেম্বৰত এডাল গছত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিল। লগে লগে স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আৰক্ষীৰ তদন্তত এটা ভিডিঅ’ পোহৰলৈ আহে, য’ত পত্নী আৰু মোমায়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে। আৰক্ষীয়ে এতিয়া অন্য দিশবোৰতো তদন্ত চলাই আছে।

বিয়াৰ পাছত সম্পৰ্ক

আৰক্ষীয়ে কয় যে, তেওঁৰ প্ৰায় ১০ মাহ পূৰ্বে বিয়া হৈছিল। কিন্তু বিয়াৰ ৪ মাহ পাছতেই পত্নী আৰু মোমায়েকৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয়। এই সন্দৰ্ভত তেওঁ শহুৰেক-শাহুৱেক জনাইছিল আৰু মোমায়েকক সম্পৰ্ক এৰিবলৈ কাতৰ আহ্বান কৰিছিল। কিন্তু কোনোৱে মানি লোৱা নাছিল কথা। তেওঁ কয় যে, “মই দুখীয়া ঘৰৰ ল’ৰা। মোৰ মামা তিনিটা সন্তানৰ পিতৃ, কিন্তু তাৰ পাছতো মোৰ পত্নীৰ সৈতে সম্পৰ্ক। মই যথেষ্ঠ অপমানিত আৰু মানসিক যন্ত্ৰণাৰ সন্মুখীন হৈছো, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছো”।

জানিব পৰা মতে, যুৱকজন শ্ৰমিক আছিল আৰু ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী। কিছুদিন পূৰ্বে তেওঁৰ পিতৃয়েও চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইফালে দীৰ্ঘদিন ধৰি পত্নী আছিল মাকৰ ঘৰত। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ বছৰৰ শেষত বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ-ৰূপ? জানক দাম…