ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতে দিলে প্ৰত্যুত্তৰ
হাদী হত্যাকাণ্ডৰ মূল অভিযুক্ত ফৈজল আৰু আলমগীৰ শ্বেখে মেঘালয় সীমান্তৰে ভাৰতলৈ পলায়ন কৰিছে। আনকি মেঘালয় আৰক্ষীয়ে তেওঁলোকৰ দুজন সহযোগীক আটক কৰা বুলিও অতিৰিক্ত আয়ুক্ত মহম্মদ নজৰুল ইছলামে দাবী কৰে। অৱশ্যে, ভাৰতীয় কৰ্তৃপক্ষই এই দাবী কঠোৰভাৱে নাকচ কৰিছে।
বাংলাদেশৰ যুৱ নেতা ওছমান হাদীৰ হত্যাকাণ্ডক লৈ ঢাকা আৰু নতুন দিল্লীৰ মাজত এক কূটনৈতিক সংঘাতৰ সৃষ্টি হৈছে। ঢাকা আৰক্ষীৰ দাবী অনুসৰি, হত্যাকাণ্ডৰ মূল অভিযুক্ত ফৈজল আৰু আলমগীৰ শ্বেখে মেঘালয় সীমান্তৰে ভাৰতলৈ পলায়ন কৰিছে। আনকি মেঘালয় আৰক্ষীয়ে তেওঁলোকৰ দুজন সহযোগীক আটক কৰা বুলিও অতিৰিক্ত আয়ুক্ত মহম্মদ নজৰুল ইছলামে দাবী কৰে। অৱশ্যে, ভাৰতীয় কৰ্তৃপক্ষই এই দাবী কঠোৰভাৱে নাকচ কৰিছে।
মেঘালয় আৰক্ষী আৰু বি এছ এফে (BSF) ইয়াক সম্পূৰ্ণ ভিত্তিহীন বুলি অভিহিত কৰি স্পষ্ট কৰি দিছে যে কোনো অভিযুক্তই অবৈধ অনুপ্ৰৱেশ কৰা নাই। ভাৰতৰ মতে, এই সন্দৰ্ভত বাংলাদেশৰ সৈতে তেওঁলোকৰ কোনো যোগাযোগ হোৱা নাই আৰু কোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। ঢাকাৰ এনে চাঞ্চল্যকৰ দাবীক লৈ এতিয়া দুই দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে।
Latest Videos
ওছমান হাদীৰ হন্তাৰ প্ৰসঙ্গত বাংলাদেশৰ আজৱ দাবী, ভাৰতৰ প্ৰত্যুত্তৰ
অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা কাশ্মীৰত কূটাঘাতৰ আশংকালৈ শীৰ্ষ খবৰ
আচৰিত দৃশ্য! গৰম মৰুভূমিত তুষাৰপাতে গঢ়িলে অভিলেখ...
ন্য়ায়ালয়ৰ ৰায়ঃ৩৪ বছৰৰ অন্তত চাকৰি ঘূৰাই পালে দীনেশে...
