30 Dec 2025
TV9 ASSAM
আচাৰ্য চাণক্যই মানুহক বিভিন্ন দিশৰ বিষয়ে জ্ঞান দি গৈছে। আজিও বহুতে চাণক্য নীতি মানি চলে। কোৱা হয়, এই নীতিয়ে মানুহক উচিত পদ প্ৰদৰ্শন কৰাত সহায় কৰে।
চাণক্যই মানুহৰ ভাল গুণ, বেয়া গুণ আদিৰ কথা কৈ গৈছে। চাণক্যৰ মতে, মানুহে কিছুমান ভুল কৰিলে মৃত্যুৰ পাছত নৰকত স্থান লাভ কৰে।
চাণক্যৰ মতে, যি লোক দুষ্ট আৰু নীচ প্ৰকৃতিৰ তেনে লোকে নৰকত যায়। এনে লোকসকলে সদায় যন্ত্ৰণা ভোগ কৰে।
কোৱা হয় লোভেই পাপ, পাপেই মৃত্যু। যি ব্যক্তিয়ে ধন বা সম্পত্তিৰ প্ৰতি লোভ কৰে, বা অহংকাৰ কৰে তেনে লোকে সুখ নাপাই আৰু নৰক যন্ত্ৰণা লাভ কৰে।
চাণক্যৰ মতে, যি লোকে নিজৰ কামৰ দ্বাৰা পিতৃ-মাতৃ, বৃদ্ধসকলক মনত দুখ দিয়ে তেনে লোক সুখী নহয়। এনে লোকে নৰকত স্থান পায়।
যি লোকে আনৰ ক্ষতি কৰে তেনে লোকৰ সুখ নহয়। আনৰ ক্ষতি কৰিলে নিজে নৰক যন্ত্ৰণা ভোগ কৰিব লাগে। ইয়াৰোপৰি দৰিদ্ৰক শোষণ কৰাসকলে নৰকত স্থান লাভ কৰে।
চাণক্যৰ মতে, মহিলাক সদায় সন্মান কৰিব লাগে। যি লোকে মহিলাক সন্মান নকৰে, বেয়া দৃষ্টিৰে চাই তেনে লোকে শাস্তি হিচাপে নৰক যন্ত্ৰণা ভোগ কৰে।
পঢ়িবলৈ ক্লিক কৰক