শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অসম অশান্ত কৰাৰ চেষ্টা! STF ৰ জালত ১১ বাংলাদেশী মৌলবাদী...

অসম অশান্ত কৰাৰ চেষ্টা! STF ৰ জালত ১১ বাংলাদেশী মৌলবাদী…

barasha-sarma
Barasha Sarma | Published: 30 Dec 2025 17:30 PM

শেহতীয়াকৈ জেদাহীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই ডাঙৰ সফলতা লাভ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো IMK ৰ সদস্যক গ্ৰেপ্তাৰ কৰে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই সংবাদমেল সম্বোধন কৰি ইয়াৰ বিষয়ে জনায়।

STFয়ে অসম, ত্ৰিপুৰা, পশ্চিম বংগত ১১জন বাংলাদেশী মৌলবাদী আৰু JMBৰ ১০ সদস্যক গ্ৰেপ্তাৰ কৰে। অপাৰেশ্যন প্ৰতিঘাতক লৈ সংবাদমেল সম্বোধন কৰে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই। শেহতীয়াকৈ এছ টি এফে দেশৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেইবাটাও জেহাদীক গ্ৰেপ্তাৰ কৰিছে। ২০২৫ চনৰ ২৯/৩০ নৱেম্বৰৰ মাজ নিশা এছ টি এফ, অসম আৰক্ষীৰ দলে IMKৰ কৰ্মীক বিচাৰি অভিযান চলাই, য’ত কেইবাজনো গ্ৰেপ্তাৰ হয়। আৰক্ষীয়ে  অসমৰ দৰং, চিৰাং, বৰপেটা, বাক্সা আৰু ত্ৰিপুৰাত চলাইছিল এই অভিযান।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে- নাছিম উদ্দিন ওৰফে তামিম (বৰপেটা ৰোড), জোনাব আলী (বিজনী, চিৰাং), আফ্ৰাহিম হুছেইন (দৰং), মিজানুৰ ৰহমান (বৰপেটা ৰোড), চুলতান মেহমুদ (বৰপেটা ৰোড), ছিদ্দিক আলী (বৰপেটা ৰোড), ৰছিদুল আলম (বাক্সা), মহিবুল খান (বাক্সা), শ্বাৰুক হুছেইন (বৰপেটা ৰোড), মোঃ দিবাকৰ আলী (বৰপেটা ৰোড), জাগিৰ মিঞা (পশ্চিম ত্ৰিপুৰা)।

উল্লেখ্য যে, IMK ই নিজকে গাজৱাতুল হিন্দকেন্দ্ৰিক উগ্ৰবাদী মডিউল হিচাপে পৰিচয় দিয়ে আৰু নিষিদ্ধ আন্তঃৰাষ্ট্ৰীয় জেহাদী সংগঠনৰ সৈতে মিল থকা মতাদৰ্শৰ প্ৰচাৰ কৰে। ভাৰতত নিষিদ্ধ জামাত-উল-মুজাহিদিন বাংলাদেশৰ এটা অংশ ইমাম মাহমুদৰ কাফিলা (IMK)।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…