শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এটা নহয়, কমেও ২টা সন্তান জন্ম দিয়ক, পাৰিলে ৩ টা…হিন্দু পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আহ্বান

মুখ্যমন্ত্ৰীয়ে কয়, "যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় ইতিমধ্যে সংখ্যালঘু হৈছে বা সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে, সেইবোৰ অঞ্চলত পৰিয়াল এটা সন্তান জন্ম দিয়ে ৰৈ যাব নালাগে।" তেওঁ লগতে কয়, "হিন্দু পৰিয়ালসমূহে কমেও দুটা সন্তান জন্ম দিয়ক, সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।"

এটা নহয়, কমেও ২টা সন্তান জন্ম দিয়ক, পাৰিলে ৩ টা…হিন্দু পৰিয়াললৈ মুখ্যমন্ত্ৰীৰ আহ্বান
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
trishna-kalita
Trishna Kalita | Updated On: 30 Dec 2025 18:23 PM

পুনৰ হিন্দু জনসংখ্যাক লৈ উদ্বেগ প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনসংখ্যাৰ ধাৰা আৰু জনগাঁথনিগত ভাৰসাম্য সন্দৰ্ভত মন্তব্য কৰি সংখ্যালঘু অঞ্চলত হিন্দু পৰিয়ালসমূহক এটাতকৈ অধিক সন্তান জন্ম দিবলৈ আহ্বান জনায়। জনগাঁথনিগত পৰিৱৰ্তন ৰোধ কৰাৰ লগতে এনে অঞ্চলত সামাজিক ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ লক্ষ্যৰে এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, “সম্প্ৰদায়বোৰৰ মাজত জন্মৰ হাৰৰ বৈষম্য চিন্তাৰ বিষয়। তেওঁ দাবী কৰে যে কেইবাটাও ক্ষেত্ৰত মুছলমান জনসংখ্যাৰ সন্তান জন্মৰ হাৰ বেছি, আনহাতে হিন্দুসকলৰ মাজত জন্মৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে। তেওঁৰ মতে, এই জনগাঁথনিগত পাৰ্থক্যৰ সমাধান নকৰিলে দীৰ্ঘম্যাদী সামাজিক প্ৰভাৱ পৰিব পাৰে।”

মুখ্যমন্ত্ৰীয়ে কয়, “যিবোৰ অঞ্চলত হিন্দু সম্প্ৰদায় ইতিমধ্যে সংখ্যালঘু হৈছে বা সংখ্যালঘু হোৱাৰ উপক্ৰম হৈছে, সেইবোৰ অঞ্চলত পৰিয়াল এটা সন্তান জন্ম দিয়ে ৰৈ যাব নালাগে।” তেওঁ লগতে কয়, “হিন্দু পৰিয়ালসমূহে কমেও দুটা সন্তান জন্ম দিয়ক, সম্ভৱ হ’লে তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।”

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, তেওঁৰ চৰকাৰে মুছলমান পৰিয়ালক অত্যধিক বৃহৎ পৰিয়াল নকৰাৰ বাবে ধাৰাবাহিকভাৱে পৰামৰ্শ দিছিল। তেওঁৰ বাৰ্তা কোনো বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাতকৈ ভাৰসাম্য বৃদ্ধিৰ দিশত নিৰ্দেশিত বুলি দৃঢ়তাৰে কয় যে আমি মুছলমান লোকক কওঁ যে ৮-৭টা সন্তান জন্ম নিদিব। তেওঁ কয়, “মুছলিম পৰিয়ালসমূহক আমি কও যে, ৭-৮টা সন্তান জন্ম নিদিব, অলপ কমকৈ দিয়ক। হিন্দুসকলক কও অলপ বেছিকৈ জন্ম দিয়ক।  নহ’লে ঘৰখন চোৱাচিতা কৰিবলৈ কোনো নাথাকিব।”