30 Dec 2025
TV9 ASSAM
ফেটি লিভাৰ আজিৰ এক ডাঙৰ সমস্যা। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে প্ৰায় বিভিন্নজনে এই সমস্যাত ভোগে। যকৃতত অতিৰিক্ত চৰ্বি জমা হ'লে ফেটি লিভাৰ বুলি কয়।
ফেটি লিভাৰ হ'লে কিছুমান দিশৰ ওপৰত গুৰুত্ব দিব লাগে। খাদ্য, জীৱনশৈলীয়ে ফেটি লিভাৰৰ আশংকা হ্ৰাস কৰিব পাৰে। ফেটি লিভাৰ হ'লে কিছুমান বস্তু খাব নালাগে।
সুৰাপান কৰিব নালাগে। অত্যধিক সুৰাপান কৰাৰ ফলত ফেটি লিভাৰ, লিভাৰ চিৰোছিচ হ'ব পাৰে। অৱশ্যে আজিকালি সুৰাপান নকৰা সকলৰো খাদ্য জীৱনশৈলীৰ বাবে ফেটি লিভাৰ হয়।
ফেটি লিভাৰত অতিৰিক্ত চেনি থকা খাদ্য খাব নালাগে। চেনি থকা বস্তুই চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে আৰু যকৃতৰ সমস্যাৰ সৃষ্টি কৰে। গতিকে চেনি কম খাব লাগে।
ফেটি লিভাৰত আইচক্ৰীম, মিঠা পানীয়, মিঠা খাদ্য, কাৰ্বনেটেড পানীয়, চকলেট আদিৰ পৰা দূৰত থাকিব লাগে। বজাৰত পোৱা বিভিন্ন মিঠা বস্তুয়ে ফেটি লিভাৰৰ সমস্যা বৃদ্ধি কৰে।
তেজ আৰু মচলাযুক্ত খাদ্য কমকৈ খাব লাগে। এইবোৰ খাদ্যই ওজন বৃদ্ধি কৰে। মেদবহুলতা ফেটি লিভাৰৰ অন্যতম এক কাৰণ। ওজন নিয়ন্ত্ৰণত ৰখা দৰকাৰ।
ফাষ্ট ফুড পৰিহাৰ কৰিব লাগে। পাস্তা, বাৰ্গাৰ, পিজ্জা আদিৰ পৰা স্বাস্থ্যৰ যথেষ্ঠ ক্ষতি হয়। ফেটি লিভাৰ হ'লে এইবোৰ খাব নালাগে। ইয়াৰোপৰি প্ৰচেচড খাদ্য খাব নালাগে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
পঢ়িবলৈ ক্লিক কৰক