শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভয়ংকৰ দুৰ্ঘটনা! দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, এই পৰ্যন্ত ৭ জনৰ মৃত্যু…

পাহাৰীয়া ঠাই হোৱাৰ বাবে উদ্ধাৰ আৰু সাহায্য অভিযানত উদ্ধাৰকাৰী দলে কিছু অসুবিধাৰ সন্মুখীন হৈছে । বৰ্তমান আহতসকলক খাদৰ পৰা উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

ভয়ংকৰ দুৰ্ঘটনা! দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, এই পৰ্যন্ত ৭ জনৰ মৃত্যু…
আলমোৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা
trishna-kalita
Trishna Kalita | Published: 30 Dec 2025 11:21 AM

উত্তৰাখণ্ডৰ আলমোৰাত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। চিলাপানী ভিকিয়াছাইনৰ সমীপৰ দ’ খাৱৈত বাগৰি পৰে যাত্ৰী কঢ়িওৱা বাছ। এই দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।খবৰ অনুসৰি বাছখনত প্ৰায় ১২ জন যাত্ৰী আছিল। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, প্ৰশাসন, দুৰ্যোগ ব্যৱস্থাপনা দল।

পাহাৰীয়া ঠাই হোৱাৰ বাবে উদ্ধাৰ আৰু সাহায্য অভিযানত উদ্ধাৰকাৰী দলে কিছু অসুবিধাৰ সন্মুখীন হৈছে । বৰ্তমান আহতসকলক খাদৰ পৰা উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত আছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত চিঞৰ-বাখৰ আৰম্ভ হয়। সহায়ৰ বাবে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় লোক। লগে লগে খবৰ দিয়া হয় আৰক্ষীৰ লোকক। প্ৰত্যক্ষদৰ্শীৰ মতে, দুৰ্ঘটনাটো আছিল ভয়ংকৰ। বাছখন বাগৰি পৰাৰ শব্দ শুনি লগে লগে ওচৰতে থকা লোকসকল সহায়ৰ বাবে ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক চিলাপানী ভিকিয়াছাইনৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভীকীয়াসাইনৰ পৰা ৰামনগৰলৈ গৈ থকা বাছখন পুৱা প্ৰায় ৬ বজাত দ্বাৰাহাটৰ পৰা ওলাই আহিছিল। সেই পথতে বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। মৃত আৰু আহতৰ সংখ্যা সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতকৰণৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে।