শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰৱৰ্তী পদক্ষেপ কি হ’ব ? গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ নতুন আপডেট দিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্রী শৰ্মাই কয়, “ জুবিন গার্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটোত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিলে, এতিয়া আমি গৌৰৱ গগৈৰ গোচৰটো আগবঢ়াই নিম৷”

পৰৱৰ্তী পদক্ষেপ কি হ’ব ? গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ নতুন আপডেট দিলে মুখ্যমন্ত্ৰীয়ে
manas-borah
Manas Borah | Published: 13 Dec 2025 12:39 PM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, কংগ্ৰেছ নেতা গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ তদন্ত কেন্দ্ৰীয় সংস্থাৰ হাতত অৰ্পণ কৰা হ’ব। উল্লেখ্য যে, সাংসদ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে এছ আই টি গঠন কৰিছিল। যোৱা ১০ ছেপ্টেম্বৰত এছ আই টিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰে। প্ৰতিবেদনত কি আছে সেই কথা সংবাদমেল পাতি ৰাজহুৱা কৰা হ’ব বুলি কৈ আহিছে মুখ্যমন্ত্ৰী শৰ্মাই।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মুখ্যমন্ত্রী শৰ্মাই কয়, “ জুবিন গার্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰটোত এছ আই টিয়ে অভিযোগনামা দাখিল কৰিলে, এতিয়া আমি গৌৰৱ গগৈৰ গোচৰটো আগবঢ়াই নিম৷” তেওঁ কয় যে, চলিত মাহৰ শেষৰ ফালে বা অহা মাহৰ ভিতৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কিছু তথ্য শ্বেয়াৰ কৰিব। অৱশ্যে এই গোচৰটো অধিক তদন্তৰ বাবে কেন্দ্ৰীয় সংস্থালৈ প্ৰেৰণ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।

কেন্দ্ৰীয় সংস্থাসমূহলৈ তদন্ত হস্তান্তৰ কৰাৰ সন্দৰ্ভত শৰ্মাই কয় যে,এনে জটিলতাৰ ক্ষেত্ৰত অকল অসমৰ এছ আই টিয়ে তদন্ত কৰি সকলো দিশ উন্মোচন কৰাটো সম্ভৱ নহ’ব। অৱশ্যে তেওঁ এইটোও দাবী কৰে যে, গোচৰটোত এছ আই টিয়ে যি পাইছে সেয়া “অভিযুক্তৰ বিৰুদ্ধে সিদ্ধান্ত ল’বলৈ যথেষ্ট”।

হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিন ধৰি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্নৰ বিৰুদ্ধে পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি আহিছে। অৱশ্যে এই অভিযোগৰ সমৰ্থনত তেওঁ কোনো সুনিৰ্দিষ্ট প্ৰমাণ দাখিল কৰা নাই।

যোৱা কেইমাহমানত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ তথা অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু তেওঁৰ ব্ৰিটিছ পত্নী এলিজাবেথ কলবাৰ্নৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগসমূহ মূলতঃ ২০২৫ চনৰ আৰম্ভণিৰ পৰা ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আহিছে।