13 Dec 2025
TV9 ASSAM
পেটৰ তলত সোঁফালে বিষ হৈ থাকে নেকি? যদি দীৰ্ঘদিন ধৰি এই বিষ হৈ থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিয়নো ইয়াৰ আঁৰত থাকিব পাৰে বিভিন্ন কাৰণ।
পেটৰ তলৰ সোঁফালে বিষ হোৱাৰ কাৰণ হাৰ্ণিয়া, এপেণ্ডেচাইইটিছ , মাহেকীয়া,ষ্টোন, কৰ্কট ৰোগৰ দৰে কাৰণ হ'ব পাৰে। দীৰ্ঘদিন ধৰি এই বিষ হৈ থাকিলে সহজভাৱে লোৱা ঠিক নহয়।
মহিলাৰ পেটৰ তলৰ অংশত সোঁফালে বৃহদান্ত্ৰ এটা অংশ আৰু সোঁফালে ডিম্বাশয় আছে। এনে অৱস্থাত সংক্ৰমণৰ ফলত বিষ হ'ব পাৰে। ইয়াৰোপৰি মাহেকীয়াৰ সময়ত বা আগত এই বিষ হয়।
যদি সোঁফালৰ পেটৰ তলৰ অংশৰ এটা নিৰ্দিষ্ট অংশত বিষ হয় তেন্তে এয়া এপেণ্ডেচাইটিছৰ লক্ষণ হ'ব পাৰে। কেতিয়াবা এই বিষ তীব্ৰ কেতিয়াবা কম হ'ব পাৰে।
বৃক্কত পাথৰ হোৱাৰ ফলতো বিষ হ'ব পাৰে। যদি পাছৰ মূত্ৰাশয়ত আৱদ্ধ হৈ যায় তেন্তে পেটৰ তলৰ অংশত, পিঠি, পেট, কঁকাল আদিৰ আশে পাশে বিষ হ'ব পাৰে।
IBS য়ে পাচনতন্ত্ৰক প্ৰভাৱিত কৰে। এনে অৱস্থাত পেটৰ বিষ, ডায়েৰিয়া, কৌষ্যকাঠিন্য, পেট ফুলা, শৌচত ফেন অহা আদি সমস্যা হ'ব পাৰে।
যদি পেটৰ বিষ আৰু নাভিৰ ওপৰত বিষ হৈ থাকে তেন্তে ই পেটৰ টিউমাৰৰ লক্ষণ হ'ব পাৰে। পেট ফুলা বা তৰল পদাৰ্থৰ নিৰ্মাণ পেটৰ কৰ্কট ৰোগৰ বাবে হ'ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক