BNS 105 on Zubeen Garg Death Case: জুবিন গাৰ্গৰ হত্যাৰ গোচৰত সংযোজন হোৱা BNS 105 ধাৰা কি? ইয়াৰ অধীনত কি শাস্তি হ’ব পাৰে, জানক সকলো…
BNS 105 On Zubeen Garg Murder Case: জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীটত ৭ জনক অভিযুক্ত কৰা হৈছে। য'ত অভিযুক্তৰ বিৰুদ্ধে BNS 103, BNS 105 আদি ধাৰা সন্নিবিষ্ট কৰা হৈছে। গতিকে প্ৰশ্ন হয়, BNS 105 ধাৰা কি? ইয়াৰ অধীনত কি শাস্তি হ'ব পাৰে?
বহু প্ৰতীক্ষাৰ অন্তত ১২ ডিচেম্বৰত SIT য়ে দাখিল কৰিলে জুবিন গাৰ্গ হত্য়াকাণ্ডৰ চাৰ্জশ্বীট। য’ত ৭ জন অভিযুক্তৰ বিৰুদ্ধে বিভিন্ন ধাৰা সন্নিবিষ্ট কৰা হৈছে। এই ধাৰাসমূহৰ ভিতৰত মুখ্য ধাৰা হ’ল BNS 103, BNS 105। অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃতপ্ৰভা মহন্তৰ বিৰুদ্ধে BNS 105 ধাৰাৰ অধীনত হত্যাৰ গোচৰ ৰুজু কৰাৰ বিপৰীতে সন্দীপন গাৰ্গৰ বিৰুদ্ধে BNS 105 অনিচ্ছাকৃতভাৱে হত্যা (culpable homicide) ৰ ধাৰা সংযোজন কৰিছে। ইয়াৰ লগতে জুবিনৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে BNS 316ৰ অধীনত অপৰাধমূলক আস্থা ভংগৰ ধাৰা সংযোজন কৰা হৈছে।
গতিকে প্ৰশ্ন হয়, BNS 105 ধাৰা কি? এই ধাৰা অধীনত দোষী সাব্যস্ত হ’লে কি কি শাস্তি লাভ কৰিব পাৰে সন্দীপন গাৰ্গে? ইয়াৰ অধীনত জামিনৰ প্ৰক্ৰিয়া কি? এই সকলোবোৰ এই লেখাটোত উল্লেখ কৰা হ’ল।
BNS 105 ধাৰা কি?
যেতিয়া কোনোৱে অনিচ্ছাকৃতভাৱে বা উদ্দেশ্যবিহীনভাৱে হত্যাৰ ঘটনাত জড়িত হৈ থাকে তেতিয়া তেওঁৰ ওপৰত বি এন এছ ১০৫ ধাৰা লগোৱা হয়। ইয়াৰ পূৰ্বে ভাৰতীয় দণ্ডবিধিৰ (IPC) ধাৰা ৩০৪ৰ অধীনত এই গোচৰ চলিছিল। কিন্তু বি এন এছ (BNS)লৈ পৰিৱৰ্তন হোৱাৰ পাছতে এই অপৰাধক এতিয়া ভাৰতীয় ন্যায় সংহিতা (BNS)ৰ ১০৫ ধাৰাত সংযোগ কৰা হৈছে।
ভাৰতীয় ন্যায় সংহিতাৰ ১০৫ নং ধাৰাত কোৱা হৈছে যে, যি ব্যক্তিয়ে উদ্দেশ্যবিহীনভাৱে কোনো এজন ব্যক্তিক হত্যা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে এই ধাৰাত গোচৰ চলে। অৰ্থাৎ যদি কোনো ব্যক্তিয়ে জানি বুজি এনে কোনো কাম কৰে, যাৰ ফলত কোনো এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে তেন্তে এই গোচৰত তেওঁক অনিচ্ছাকৃতভাৱে হত্যা কৰা বুলি ধৰা হয়। কিন্তু হত্যাৰ অপৰাধৰ পৰা ই পৃথক। কিয়নো হত্যাৰ ক্ষেত্ৰত অভিযুক্তৰ উদ্দেশ্য থাকে।
গুৰুত্বপূৰ্ণ তথ্য
- অভিযুক্তৰ কামৰ দ্বাৰা কাৰোবাৰ মৃত্যু হোৱা।
- ব্যক্তিজনে জানিছিল যে তেওঁৰ এই কাৰ্যৰ দ্বাৰা কাৰোবাৰ মৃত্যু হ’ব পাৰে।
- অভিযুক্তৰ হত্যা কৰাৰ উদ্দেশ্য নাছিল।
উদাহৰণ
- ধৰক কোনোৱে দায়িত্বহীনভাৱে গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিছে য’ত কোনো লোকৰ মৃত্যু হৈছে।
- খঙত কাৰোবাৰ ওপৰত আক্ৰমণ কৰা আৰু সেই ব্যক্তিজনৰ মৃত্যু হোৱা।
- কোনো ব্যক্তিক নজনাকৈ পানীত ডুবাই দিয়া আদি।
কি কি শাস্তি হ’ব পাৰে
- উদ্দেশ্য থাকিলেঃ ন্যূনতম ৫ ৰ পৰা ১০ বছৰৰ কাৰাদণ্ড, বা আজীৱন কাৰাদণ্ড আৰু জৰিমণা।
- জ্ঞাত হ’লেঃ ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, জৰিমণা বা দুয়োটা।
- ন্যূনতম শাস্তিঃ উদ্দেশ্যৰে কৰিলে ৫ বছৰৰ কাৰাদণ্ড।
জামিন
এই অপৰাধ এজন ব্যক্তিৰ হত্যাৰ লগত জড়িত। যাৰ বাবে ইয়াক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি ইয়াক জামিনবিহীন অপৰাধৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ এই অপৰাধৰ বাবে গ্ৰেপ্তাৰ হোৱা ব্যক্তিক জামিন লাভ নকৰে। অৱশ্যে কিছুমান বিশেষ পৰিস্থিতিত জামিন বিষয়টো আদালতে বিবেচনা কৰে।
(ওপৰোক্ত লেখাটো বিভিন্ন দিশৰ পৰা তথ্য় সংগ্ৰহ কৰি লেখা গৈছে। গতিকে অধিক জানিবৰ বাবে এই ক্ষেত্ৰত অধিবক্তাৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।)
অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত হত্যাৰ ধাৰা সংযোজন, কি এই BNS 103 ধাৰা, ইয়াৰ অধীনত শাস্তি কি? জানক সকলো…