শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ঘৰৰ ভিতৰতে খান্দিলে গাঁত, তাৰ পিছত তিনি সন্তানৰ সৈতে পিতৃৰ ডাঙৰ কাণ্ড…

খবৰ অনুসৰি অভিযুক্ত মহম্মদ ইৰফান হাছমী (৩২) পৰশুৰামপুৰ থানা এলেকাৰ নন্দনগৰ গাঁৱৰ বাসিন্দা। সঘনাই পত্নীক আক্ৰমণ কৰিছিল ইৰফানে । প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ নিজৰ পত্নীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল।

ঘৰৰ ভিতৰতে খান্দিলে গাঁত, তাৰ পিছত তিনি সন্তানৰ সৈতে পিতৃৰ ডাঙৰ কাণ্ড…
তিনি সন্তানৰ সৈতে পিতৃৰ ডাঙৰ কাণ্ড...
trishna-kalita
Trishna Kalita | Published: 12 Dec 2025 19:22 PM

মানৱ সমাজক লজ্জানত কৰা আন এটা ঘটনা। কেৱল নিৰ্মমভাৱে প্ৰহাৰ কৰাই নহয় নিজৰ তিনিটা নাবালক সন্তানক ঘৰৰ ভিতৰত এটা গাঁত খান্দি জীৱন্তে সমাধিস্থ কৰাৰ চেষ্টা কৰে নিজৰ পিতৃয়ে । আৰক্ষীৰ তৎপৰতাত তিনিওটা নিৰীহ শিশুৰ জীৱন ৰক্ষা কৰাৰ লগতে অভিযুক্ত পিতৃক গ্ৰেপ্তাৰ কৰা হয়। উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ পৰশুৰামপুৰ থানা এলেকাত সংঘটিত হৈছে এই ঘটনা।

খবৰ অনুসৰি অভিযুক্ত মহম্মদ ইৰফান হাছমী (৩২) পৰশুৰামপুৰ থানা এলেকাৰ নন্দনগৰ গাঁৱৰ বাসিন্দা। সঘনাই পত্নীক আক্ৰমণ কৰিছিল ইৰফানে । প্ৰায় এসপ্তাহ পূৰ্বে তেওঁ নিজৰ পত্নীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল। যাৰ ফলত পত্নীয়ে তেওঁলোকৰ এটা সন্তানৰ সৈতে পিতৃ-মাতৃৰ ঘৰ (ৰুধৌলী থানা এলেকা) লৈ গুচি গৈছিল। পত্নী যোৱাৰ পিছত ইৰফানে যোৱা বৃহস্পতিবাৰে ঘৰটোত উপস্থিত থকা আন তিনিটা নাবালক শিশুক তীব্ৰ প্ৰহাৰ কৰে।

ল’ৰা-ছোৱালীকেইটাক হত্যা কৰাৰ উদ্দেশ্যেৰে ঘৰৰ ভিতৰত গাঁত খান্দি সমাধিস্থ কৰাৰ চেষ্টা চলায়। অৱশ্যে শিশুসকলৰ কান্দোন শুনি ওচৰৰ মানুহে আৰক্ষীক খবৰ দিয়ে। এই তথ্য লাভ কৰাৰ লগে লগে পৰশুৰামপুৰ আৰক্ষীয়ে তৎপৰ হৈ পৰে। চি অ’ হৰৰাইয়া স্বৰ্ণিমা সিঙৰ পৰিচালনাত ষ্টেচন হাউছৰ বিষয়া ভানু প্ৰতাপ সিঙৰ নেতৃত্বত এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষীৰ দলটোৱে  তিনিওটা শিশুক নিৰাপদে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে। তাৰ পিছতে ঘটনাস্থলীতে অভিযুক্ত পিতৃ মহম্মদ ইৰফান হাছমীক গ্ৰেপ্তাৰ কৰে। পৰশুৰামপুৰ আৰক্ষী থানাৰ বিষয়া ভানু প্ৰতাপ সিঙে উল্লেখ কৰে যে ইৰফান হাছমীৰ বিৰুদ্ধে ফৌজদাৰী প্ৰক্ৰিয়া আইন (অপৰাধ আৰু প্ৰতিৰোধ)ৰ ধাৰা ১০৯(১) আৰু কিশোৰ ন্যায় (শিশুৰ যত্ন আৰু সুৰক্ষা) আইন, ২০১৫ৰ ধাৰা ৭৫ৰ অধীনত শিশুৰ ওপৰত নিষ্ঠুৰতাৰ বাবে গোচৰ ৰুজু কৰা হৈছে। ইৰফানক জেললৈ প্ৰেৰণ কৰা হৈছে।

সমগ্ৰ বিষয়টোৰ তথ্য প্ৰদান কৰি উপ-আৰক্ষী অধীক্ষক স্বৰ্ণিমা সিঙে কয় যে, ইৰফানৰ পত্নীৰ সৈতে চলি থকা বিবাদ চলি আহিছে। কিছুদিন পূৰ্বে তেওঁৰ পত্নীয়ে এটা সন্তান লৈ ৰুধৌলী থানা এলেকাত থকা পিতৃ-মাতৃৰ ঘৰলৈ ৰাওনা হৈছিল। ঘৰটোত থকা আন তিনিটা শিশু হৈছে ১১ বছৰীয়া  ৯ বছৰীয়া আৰু ৬ বছৰীয়া । ইৰফানে কেইবাদিনো ধৰি এই তিনিটা শিশুক নিৰ্যাতন চলাই আহিছিল। চুবুৰীয়াই ল’ৰা-ছোৱালীকেইটাৰ ওপৰত নিৰ্যাতন চলোৱা দেখি সহ্য কৰিব নোৱাৰিলে। যেতিয়া তেওঁলোকে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া  তেওঁলোকক ভাবুকি দিয়াৰ ফলত তেওঁলোক নিমাত হৈ পৰিছিল।

এদিন আগতে ইৰফানে পুনৰ শিশুকেইটিক মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। শিশুসকলৰ কান্দোন শুনি ৰাইজে পৰশুৰামপুৰ আৰক্ষী থানাক সতৰ্ক কৰি দিয়ে। লগে লগে আৰক্ষীৰ লোক তাত উপস্থিত হৈ ঘৰটোত তালাচী চলোৱাৰ লগে লগে তেওঁলোকে এটা কোঠাত খান্দি থকা এটা ডাঙৰ গাঁত প্ৰত্যক্ষ কৰে। গাঁত খান্দিবলৈ ব্যৱহাৰ কৰা বেলচাও ওচৰতে উদ্ধাৰ কৰা হয়। ঘটনাস্থলীতে আৰক্ষীয়ে ইৰফানক আটক কৰি তিনিটা শিশুক উদ্ধাৰ কৰে।

ওচৰৰ বাসিন্দাক সোধা-পোছা কৰাত পোহৰলৈ আহিছিল যে ইৰফানে গাঁতটো খান্দি তেওঁলোকক জীৱিত অৱস্থাত সমাধিস্থ কৰাৰ চেষ্টা কৰিছিল। আৰক্ষীয়ে উদ্ধাৰ কৰে তিনিটা শিশুক। শিশুটিৰ মাতৃক এই বিষয়ে অৱগত কৰাত অভিযুক্তক গ্ৰেপ্তাৰ কৰে।