এইবাৰ কম বয়সতে পেঞ্চন পাব নেকি? কি ক’লে কেন্দ্ৰীয় মন্ত্ৰীয়ে?
শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী সুশ্রী শোভা কাৰাণ্ডলাজে লোকসভাত ইয়াৰ উত্তৰ স্পষ্টকৈ দিছে। ইয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে।
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ খবৰ। এই কৰ্মচাৰীসকলে ৫০ বছৰ বয়সৰ পৰাই পেঞ্চন লাভ কৰিব পাৰেনে? এই প্ৰশ্নক কেন্দ্ৰ কৰি চৰ্চা হৈছে। আৰু ইয়াৰ স্পষ্ট উত্তৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰী সুশ্রী শোভা কাৰাণ্ডলাজে লোকসভাত ইয়াৰ উত্তৰ স্পষ্টকৈ দিছে। ইয়াৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰিছে মন্ত্ৰীগৰাকীয়ে।
শ্ৰম আৰু নিয়োগ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জনাইছে যে, ২০২৫ চনত এনে কোনো নতুন নিয়ম অনা হোৱা নাই। তেখেতে কয়, “১৯৯৫ চনৰ কৰ্মচাৰী পেঞ্চন আঁচনিৰ ১২(৭) নং পেৰা অনুসৰি কোনোবাই যদি বিচাৰে তেন্তে ৫৮ বছৰৰ আগৰ সময়ৰ পৰাই প্ৰাথমিক পেঞ্চন লাভ কৰিব পাৰে। অৱশ্যে সেই ব্যক্তিজন চাকৰি এৰি যোৱাৰ পিছত পেঞ্চনৰ বাবে যোগ্য বিবেচিত হ’ব লাগিব আৰু কোনো ক্ষেত্ৰতে তেওঁৰ বয়স ৫০ বছৰৰ কম হ’ব নালাগিব। এই ক্ষেত্ৰত যদি ব্যক্তিজনৰ বয়স ৫৮ বছৰৰ কম হয়, তেন্তে প্ৰতি ১ বছৰৰ আগে পোৱা পেঞ্চনৰ বাবে ৪ শতাংশ পেঞ্চন কমি যাব।
নূন্যতম পেঞ্চন বৃদ্ধি পাবনে?
ইয়াৰ বাহিৰেও নূন্যতম পেঞ্চন ১০০০ টকাৰ পৰা ৭৫০০ টকালৈ বৃদ্ধিৰ ক্ষেত্ৰত কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই। মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিখন নিয়োগকৰ্তা আৰু কেন্দ্ৰীয় চৰকাৰৰ বৰঙণিৰে চলি আছে। ২০১৯ চনৰ মাৰ্চ মাহৰ মূল্যায়ন অনুসৰি, এই পুঁজিত ঘাটি লাগিছে। কিন্তু চৰকাৰে বাজেটৰ পৰা প্ৰতিমাহে নূন্যতম পেঞ্চন হিচাপে ১০০০ টকা প্ৰদান কৰি যাব।
ডিজিটেল লাইফ চাৰ্টিফিকেট
আনহাতে পেঞ্চন লাভৰ ডিজিটেল প্ৰক্ৰিয়াটো বহুত সহজ হৈ পৰিছে। ২০২৫ চনৰ নৱেম্বৰ মাহত দাখিল কৰা লাইফ চাৰ্টিফিকেটৰ ৪৬ শতাংশ আধাৰ ভিত্তিক ফেচ অথেণ্টিকেচনৰ জৰিয়তে সফলতাৰে কৰা হৈছে। মনত ৰাখিব, এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে আপুনি আপোনাৰ পেঞ্চন সম্পৰ্কীয় তথ্যসমূহ সহজেই আপডেট কৰিব পাৰিব।