২ মাহ পূৰ্বে ডাঙৰ কাণ্ড! ঘৰৰ ভিতৰত উদ্ধাৰ এটা পৰিয়ালৰ ৩ সদস্যৰ মৃতদেহ…
পুনৰ এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে দেশ। এটা পৰিয়ালৰ ৩ জন সদস্যৰ মৃত্যুই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। তদন্তৰ মাজত বহু তথ্য পোহৰলৈ আহিছে।
এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে ৰাজধানী দিল্লী। এটা ঘৰৰ ভিতৰত উদ্ধাৰ তিনিটাকৈ মৃতদেহ। প্ৰাপ্ত খবৰ অনুসৰি, দুই পুত্ৰ আৰু মাতৃয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু তদন্তত এনে কিছুমান তথ্য পোহৰলৈ আহিছে যিয়ে আচৰিত কৰিছে বিভিন্নজনক। প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে দীৰ্ঘদিন ধৰি পৰিয়ালটো বিভিন্ন আৰ্থিক, মানসিক আৰু সামাজিক চাপৰ সন্মুখীন হৈ আহিছিল।
মৃত্যু হোৱা লোক কেইজনৰ ভিতৰত আছে ৫২ বছৰীয়া মাতৃ, ৩৫ বছৰীয়া পুত্ৰ আশীষ আৰু ২৭ বছৰীয়া পুত্ৰ চৈতন্য। এই আটাইকেইজনে ১২ ডিচেম্বৰত ভাড়াঘৰৰ ভিতৰত চৰম সিদ্ধান্ত গ্ৰহণ কৰে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, প্ৰায় ২ মাহ পূৰ্বেও আশীষ আৰু চৈতন্য কাপুৰে নিজৰ প্ৰাণ লোৱাৰ চেষ্টা কৰিছিল। সেই সময়ত তেওঁলোকক হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল আৰু পাছত সুস্থ হৈ ঘৰলৈ উভতিছিল।
কাৰণ কি
আৰক্ষীৰ মতে, ২০২৩ চনৰ ডিচেম্বৰ মাহৰ পৰা পৰিয়ালটোৱে দিল্লীৰ কলকাজীৰ জি-৭০বিত তৃতীয় মহলাৰ ফ্লেট এটাত থাকিবলৈ আৰম্ভ কৰে। প্ৰথমে তেওঁলোকে ফ্লেটৰ চিকিউৰিটি মানি আৰু কেইটামান মাহৰ ভাড়া দিছিল যদি পাছলৈ সেয়া বন্ধ কৰি দিছিল। এনেস্থলত ঘৰৰ মালিকে বাৰে বাৰে তেওঁলোকক ঘৰ খালী কৰিবলৈ আহ্বান জনাইছিল। কিন্তু তেওঁলোকে ঘৰ খালী কৰা নাছিল। ইয়াৰ পাছতে মালিকে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল আৰু সিদ্ধান্ত মালিকৰ পক্ষত আছিল। ১২ ডিচেম্বৰত আদালতৰ জাননী লৈ মালিক আৰু আৰক্ষী সেই ঘৰটোত উপস্থিত হয়। কিন্তু তাৰ পাছতে আটাইকেইজন সদস্যই চৰম সিদ্ধান্ত গ্ৰহণ কৰে
তদন্তত পোহৰলৈ আহিছে যে, পৰিয়ালটোৰ মুৰব্বী তথা আশীষ আৰু চৈতন্যৰ পিতৃ এজন ব্যৱসায়ী আছিল। কিন্তু ব্যৱসায়ত লোকচান হোৱাৰ পাছত তেওঁ ঋণৰ বোজাত আৱদ্ধ হৈ পৰিছিল। এইবোৰ চিন্তাতে ২০২৪ চনত পিতৃয়ে মৃত্যুক সাৱতি লয়। ইয়াৰ পাছত পৰিয়ালটো আৰু আৰ্থিকভাৱে ভাগি পৰে। দুই পুত্ৰ নিবনুৱা আছিল আৰু তেওঁলোকৰ ঋণ বাঢ়ি আহিছিল। এই সকলোবোৰ সহ্য কৰিব নোৱৰি অৱশেষত আটাইয়ে জীৱনৰ শেষ সিদ্ধান্ত গ্ৰহণ কৰে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।
অন্য খবৰ পঢ়কঃ জুবিন হত্যাৰ চাৰ্জশ্বীটক লৈ গৰিমা সন্তুষ্টনে? দোষীক লৈ কি কি ক’লে…