শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'বিজেপি চৰকাৰৰ দিনত প্ৰাণৰ শিল্পীগৰাকীক হত্য়া কৰিলে'- অখিল গগৈ

‘বিজেপি চৰকাৰৰ দিনত প্ৰাণৰ শিল্পীগৰাকীক হত্য়া কৰিলে’- অখিল গগৈ

trishna-kalita
Trishna Kalita | Published: 12 Dec 2025 20:48 PM

চাৰ্জশ্বীট সন্দৰ্ভত অখিল গগৈয়ে কয়, "আজি দিয়া চাৰ্জশ্বীটখনক জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট বুলি গণ্য কৰা নাই।  মই ভাবো এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২০২৬ৰ নিৰ্বাচনী প্ৰচাৰৰ ইস্তাহাৰ।"

অৱশেষত আজি CJM আদালতত এছ আই টি (SIT)য়ে দাখিল কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা (Zubeen Garg Chargesheet)। ৪টাকৈ বাকচত বন্দী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰৰ তদন্তৰ চাৰ্জশ্বীট দাখিল কৰে এছ আই টিয়ে। আদালতত দাখিল কৰা চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ।

চাৰ্জশ্বীট সন্দৰ্ভত অখিল গগৈয়ে কয়, আজি দিয়া চাৰ্জশ্বীটখনক জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট বুলি গণ্য কৰা নাই।  মই ভাবো এয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ২০২৬ৰ নিৰ্বাচনী প্ৰচাৰৰ ইস্তাহাৰ। ঘটনা সংঘটিত হোৱা স্থানলৈ নোযোৱাকৈ দাখিল কৰা এয়া প্ৰথমখন চাৰ্জশ্বীট। বিজেপি চৰকাৰৰ দিনত প্ৰাণৰ শিল্পীগৰাকীক হত্য়া কৰিলে। সবিশেষ জানিবলৈ ভিডিঅ’ চাওক…