Govinda-Sunita Ahuja : গোবিন্দা-সুনিতাৰ জীৱনৰ এটা ভয়ানক নিশা
ভাল বেয়াৰ মাজেৰে জীৱনত বহু কষ্ট সহ্য কৰিও তেওঁৰ মুখৰ হাঁহিটো কেতিয়াও শেষ হৈ যোৱা নাছিল। আপুনি জানেনে যে, এই কঠিন সময় তেওঁৰ জীৱনৰ কোনো নতুন ঘটনা নহয়, একেৰাহে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰ মৃত্যু!
তেওঁ আশীৰ দশকৰ ছুপাৰষ্টাৰ। যদিও বৰ্তমান তেওঁক ডাঙৰ পৰ্দাত বেছিকৈ দেখা নাযায়, তথাপিও তেওঁৰ অনুৰাগীৰ সংখ্যা ইমান কমি যোৱা নাই। এতিয়াও তেওঁক লৈ চৌদিশে চৰ্চা চলে। শেহতীয়াকৈ সুনীতা আহুজাৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ভাল বেয়াৰ মাজেৰে জীৱনত বহু কষ্ট সহ্য কৰিও তেওঁৰ মুখৰ হাঁহিটো কেতিয়াও শেষ হৈ যোৱা নাছিল। আপুনি জানেনে যে, এই কঠিন সময় তেওঁৰ জীৱনৰ কোনো নতুন ঘটনা নহয়, একেৰাহে তেওঁৰ পৰিয়ালৰ ১১ জন লোকৰ মৃত্যু!তেওঁৰ জীৱনটো বহু কঠিন সময়ৰ মাজেৰে পাৰ হৈছে। ইয়াৰ ভিতৰত তেওঁৰ সন্তানো আছে।
কেইবাবছৰ পূৰ্বে এক সাক্ষাৎকাৰত এই কথা নিজেই কৈছিল গোবিন্দাই। তেওঁ কয়, “আমাৰ পৰিয়ালত ১১ জন লোকৰ মৃত্যু হৈছে। মোৰ ছোৱালীৰো মৃত্যু হৈছে। সেই সময়ত ছোৱালীজনীৰ বয়স আছিল ৩ মাহ। অকাল জন্ম হৈছিল, বহু চেষ্টাৰ পিছতো সন্তানটিক বচাব পৰা নাছিল।”
