বি টি আৰত আৰম্ভ হ'ব অৰুণোদয় ৩.০। এই সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কাইলৈৰ পৰা BTR ত অৰুণোদয় আঁচনিৰ শুভাৰম্ভ হ'ব। ৪ লাখ লোকে পাব অৰুণোদয় আঁচনিৰ ধন। উল্লেখ্য যে, ৰাজ্যৰ লাখ লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰে। মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি।