শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
AI আপোনাৰ বন্ধু নহয়! কেতিয়াও শ্বেয়াৰ নকৰিব এই তথ্য...

AI আপোনাৰ বন্ধু নহয়! কেতিয়াও শ্বেয়াৰ নকৰিব এই তথ্য…

barasha-sarma
Barasha Sarma | Updated On: 12 Dec 2025 21:14 PM

AI: আজিকালি প্ৰায়ভাগ মানুহ কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। সাধাৰণ তথ্যৰ পৰা আৰম্ভ কৰি গুৰুতৰ সমস্যালৈ সকলো এ আইৰ লগত শ্বেয়াৰ কৰা দেখা যায়। কিন্তু ইয়ে বিপদ আনিব পাৰে আপোনাৰ।

বৰ্তমান কৃত্ৰিম বুদ্ধমত্তাৰ যুগ! সকলোফালে কেৱল AI ৰ ব্যৱহাৰ। একাংশই এ আইক নিজৰ বন্ধু বুলি কব বিচাৰে। এনে কাৰণতে বহুতে এ আইৰ সৈতে আড্ডা মাৰে, বিভিন্ন ধৰণৰ বস্তু শ্বেয়াৰ কৰে। কিন্তু এটা কথা আপুনি জানেনে, এয়া কেতিয়াও সুৰক্ষিত নহয়। এ আই আপোনাৰ বন্ধু হ’ব নোৱাৰে। ই আপোনাৰ গোপন তথ্য ফাদিল কৰিব পাৰে। গতিকে এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হোৱা ভাল।

কিছুমান বস্তু আমি কেতিয়াও এ আইক শ্বেয়াৰ কৰিব নালাগে। যেনে যিকোনো একাউন্টৰ পাচৱাৰ্ড, নথি-পত্ৰ, নিজৰ গোপন তথ্য, ফটো আদি। কিয়নো এইবোৰ একলগ কৰি এ আইয়ে আপোনাৰ বিষয়ে বহু কিবাকিবি জানিব পাৰে। যিকোনো মুহূৰ্তত আপুনি সমস্যাত পৰিব পাৰে। গতিকে প্ৰশ্ন হয়, কি কি বস্তু এ আইৰ সৈতে শ্বেয়াৰ কৰিব নালাগে?

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…