শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Astro Tips:আহিব দৰিদ্ৰতা! বিচনাৰ তলত কেতিয়াও নাৰাখিব এই ৩ বিধ বস্তু…

Astro Tips: বহু মানুহে বিচনাৰ তলত কিছুমান লাগতিয়াল-অলাগতিয়াল বস্তু থৈ দিয়া দেখা যায়। কিন্তু ধৰ্মীয় বিশ্বাস তথা মান্যতা অনুসৰি, আমাৰ প্ৰতিটো কামৰ প্ৰভাৱ আমাৰ জীৱনত পৰে। কিছুমান কাম কৰা বেয়া।

Astro Tips:আহিব দৰিদ্ৰতা! বিচনাৰ তলত কেতিয়াও নাৰাখিব এই ৩ বিধ বস্তু…
বিচনাImage Credit source: Freepik
barasha-sarma
Barasha Sarma | Published: 13 Dec 2025 14:51 PM

আপুনিও বিচনাৰ গাদীৰ তলত বস্তু ৰাখে নেকি? আচলতে প্ৰায় বহু মানুহৰে বিচনাৰ তলত বস্তু ৰখাৰ অভ্যাস আছে। প্লাষ্টিকৰ মোনা, লেতেৰা কাগজ, লাগতিয়াল বস্তু আদি ৰাখে। কিন্তু আপুনি জানেনে, এইবোৰ বস্তুই আপোনাৰ জীৱনত প্ৰভাৱ পেলাব পাৰে। কিছুমান বস্তু বিচনাৰ তলত ৰখা বেয়া। এনে ক্ষেত্ৰত মা লক্ষ্মী অসন্তুষ্ট হয়। ইয়াৰোপৰি জন্ম কুণ্ডলীত গ্ৰহ দুৰ্বল হৈ পৰিব পাৰে। ইমানেই নহয় আপোনাৰ পৰিয়ালত অশান্তি বাঢ়িব পাৰে।

বিচনাৰ তলত কি কি ৰাখিব নালাগে

টকাঃ বিচনাৰ তলত কেতিয়াও ধন ৰাখিব নালাগে। ধনক মা লক্ষ্মীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। বিচনাৰ তলত টকা ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হয়। ধৰ্মীয় বিশ্বাস অনুসৰি, এনে কৰিলে মা লক্ষ্মী ক্ষুব্ধ হৈ পৰে। এনেস্থলত ঘৰত অশান্তি, আৰ্থিক সমস্যা, ধনৰ অভাৱ, পৰিয়ালৰ সদস্যৰ অসুখ আদি হ’ব পাৰে।

প্লাষ্টিকঃ বিচনা চাদৰৰ তলত কেতিয়াও প্লাষ্টিক ৰাখিব নালাগে। জ্যোতিষত প্লাষ্টিকক ৰাহু গ্ৰহৰ লগত জড়িত বুলি কয়। বিচনাৰ তলত মানুহে প্লাষ্টিকৰ বস্তু ৰখাতো বেয়া। এনে কৰিলে ঘৰত অশান্তি হয়। পৰিয়ালৰ কোনো সদস্যই কিবা নহয় কিবা সমস্যাত পৰিব পাৰে। ইয়াৰোপৰি স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।

পুৰণি কাগজঃ বিচনাৰ তলত কেতিয়াও পুৰণি বা লেতেৰা কাগজ ৰাখিব নালাগে। এনেবোৰ কাগজে ঋণাত্মক শক্তিক আকৰ্ষণ কৰে। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতাৰ আগমন হয়। ইমানেই নহয়, পৰিয়ালৰ সদস্যৰ মাজত অশান্তি বাঢ়ে, কাজিয়া বাঢ়ে। ইয়াৰোপৰি বুধ গ্ৰহ দুৰ্বল হৈ পৰে। গতিকে এনেবোৰ বস্তু বিচনাৰ তলত ৰখাৰ পৰা বিৰত থাকিব লাগে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ ধন, স্বাস্থ্য, চাকৰি! ২০২৬ চনত ‘অংগৰক যোগ’এ সমস্যা আনিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ…