দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…
আজি ১৩ ডিচেম্বৰ, শনিবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ শীৰ্ষ খবৰ
- দাখিল কৰা হ’ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বীট। এই গোচৰৰ তদন্তৰ বাবে চৰকাৰী গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে শুকুৰবাৰে আদালতত দাখিল কৰে ২৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰটোত দাখিল কৰা হয় চাৰ্জশ্বীট।
- G.O.A.T India Tour 2025 ৰ অংশ হিচাপে কলকাতাত উপস্থিত হৈছে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছি।ইয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। ২০১১ চনৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।
- জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীটত হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা ত হত্যাকাৰী হিচাপে অভিযুক্ত কৰা হৈছে চাৰিওগৰাকীক।
- পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগত তেজপুৰত গ্ৰেপ্তাৰ এগৰাকী মহিলাক। জ্যোতিকা কলিতা নামৰ মহিলাগৰাকী বিয়া হৈছিল এজন পাকিস্তানী লোকৰ সৈতে। বিদেশী মুদ্ৰাৰ লেনদেনৰ এক গোচৰত ডুবাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহিলাগৰাকীক।
- বন বিভাগে ১২ ডিচেম্বৰ শুকুৰবাৰে মৰিগাঁৱৰ পৰা দুজন কথিত মূল্যৱান কাঠ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে পৰিবহণৰ বাবে ব্যৱহাৰ কৰা এখন বাহনৰ লগতে যথেষ্ট পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। অভিযুক্ত দুজনক — ভাস্কৰ ডেকা আৰু পবিত্ৰ দেউৰী বুলি চিনাক্ত কৰা হৈছে।
- ক’ভিড-১৯ৰ ভেকচিন সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে। আমেৰিকাৰ ঔষধ নিয়ন্ত্ৰণ সংস্থা এফ ডি এয়ে এই ভেকচিনত সুৰক্ষাৰ সতৰ্কবাণী বা “ব্লেক বক্সৰ সতৰ্কবাণী” যোগ কৰাৰ কথা চিন্তা কৰিছে। এই সতৰ্কবাণীটো ঔষধৰ টোপোলা আৰু প্ৰেছক্ৰিপচন কাগজৰ ওপৰত লিখা থাকে। ইয়াৰ পৰা বুজা যায় যে ঔষধৰ গুৰুতৰ বিপদ হ’ব পাৰে।