শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
টিকটৰ দাম ১২,০০০টকা, পিছে চাবলৈ নাপালে মেছিক! দৰ্শকে ভাঙি লণ্ড ভণ্ড কৰিলে কলকাতাৰ ষ্টেডিয়াম...

টিকটৰ দাম ১২,০০০টকা, পিছে চাবলৈ নাপালে মেছিক! দৰ্শকে ভাঙি লণ্ড ভণ্ড কৰিলে কলকাতাৰ ষ্টেডিয়াম…

barasha-sarma
Barasha Sarma | Published: 13 Dec 2025 15:04 PM

Messi India Visit: আজি কলকতাত উপস্থিত হয় মেছি। এই সময়চোৱাত প্ৰিয় খেলুৱৈগৰাকীক চাবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহৰ কলকাতাত উপস্থিত হৈছিল। কিন্তু অধিকাংশই চাবলৈ নাপালে মেছিক।

বিশ্ববিখ্যাত আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিৰ তিনিদিনীয়া ভাৰত ভ্ৰমণ। আজি প্ৰথম দিনা তেওঁ কলকাতাত ৭০ ফুট ওখ প্ৰতিমূৰ্তি উদ্বোধন কৰে। ইয়াৰ পিছত তেওঁ কলকাতাৰ বিখ্যাত ছল্ট লেক ষ্টেডিয়ামত উপস্থিত হয়। কিন্তু কম সময়ৰ ভিতৰতে তেওঁ ষ্টেডিয়াম ত্যাগ কৰে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰে অনুৰাগী। পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে, অনুৰাগীয়ে ভাঙি লণ্ড ভণ্ড কৰে ষ্টেডিয়াম। সকলোফাল চকী, পানীৰ বটল আদি দলিয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

এই ঘটনা সন্দৰ্ভত এজন যুৱকে কৈছে যে, মেছিক চাবলৈ তেওঁ ১২ হাজাৰ টকাৰ বিনিময়ত টিকট ক্ৰয় কৰিছিল। দাৰ্জিলিঙৰ পৰা কেৱল মেছিক চাবলৈ তেওঁ কলকাতাত উপস্থিত হৈছিল। কিন্তু মেছিক চোৱাৰ সৌভাগ্য নহ’ল তেওঁৰ। যাৰ বাবে এতিয়া সকলোৰে মনত ক্ষোভ দেখা গৈছে। বহুতে আয়োজক কমিটীক দোষাৰোপ কৰিছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’…