December 13, 2025
TV9 ASSAM
চলিত মাহৰ প্ৰথম সপ্তাহতে ভাৰত ভ্ৰমণ কৰিছিল ৰাছিয়া ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনাত মিলিত হৈছিল পুটিন।
ভ্লাদিমিৰ পুটিনে অৰ্থডক্স খ্ৰীষ্টান ধৰ্ম পালন কৰে। ৰাষ্ট্ৰপতি পুটিনৰ দেশত হিন্দু জনসংখ্যা কিমান জানোঁ আহক।
ৰাছিয়াৰ সংবিধান অনুসৰি, ৰাছিয়া এখন ধৰ্মনিৰপেক্ষ দেশ। ৰাছিয়াত সকলো ধৰ্মৰ লোকে বাস কৰে। সকলো ধৰ্মীয় লোকক সম্পূৰ্ণ ধৰ্মীয় স্বাধীনতা প্ৰদান কৰা হয়।
ৰাছিয়াৰ আইনত খ্ৰীষ্টান, ইছলাম, ইহুদী, বৌদ্ধ ধৰ্মক দেশখনৰ পৰাম্পৰাগত ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছে। ৰাছিয়াৰ জনসংখ্যা প্ৰায় ১৪.২ কোটি।
ৰাছিয়াত বাস কৰা লোকসকলে বিভিন্ন ধৰ্মত বিশ্বাস কৰে আৰু পালন কৰে। কিন্তু ৰাছিয়াত আধাতকৈ অধিক জনসংখ্যা অৰ্থডেক্স খ্ৰীষ্টান ধৰ্ম অনুসৰণ কৰে।
২০১২ চনৰ লোকপিয়ল অনুসৰি ৰাছিয়াত হিন্দুৰ অনুষ্ঠানিক সংখ্যা ১ লাখ ৪০ হাজাৰ, যিটো ৰাছিয়াৰ জনসংখ্যাৰ মাত্ৰ ০.১ শতাংশ।
খবৰ অনুসৰি, ৰাছিয়াত ১৪ ৰ পৰা ২.৫ কোটি মুছলমান আছে। অৱশ্যে তাত হিন্দুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে বুলি কোৱা হৈছে।
পঢ়িবলৈ ক্লিক কৰক