শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

লোকপিয়ল ২০২৭ৰ বাবে অধিসূচনা জাৰি, সোধা হ’ব এইসমূহ বিশেষ প্ৰশ্ন; জানি লওক এতিয়াই…

গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিবলগীয়া তথ্যসমূহৰ ভিতৰত গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা আদি কৰি পৰিয়ালৰ মুৰব্বীৰ পৰিচয়লৈকে সকলো সামৰি লোৱা হৈছে। গণনাৰ সময়ত চৰকাৰী প্ৰতিনিধিয়ে কিছুমান বিশেষ বিষয়ৰ ওপৰত তথ্য সংগ্ৰহ কৰিব।

লোকপিয়ল ২০২৭ৰ বাবে অধিসূচনা জাৰি, সোধা হ’ব এইসমূহ বিশেষ প্ৰশ্ন; জানি লওক এতিয়াই…
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Updated On: 22 Jan 2026 23:20 PM

অহা ২০২৭ চনত হ’ব ৰাষ্ট্ৰীয় লোকপিয়ল। এই লোকপিয়লৰ বাবে আনুষ্ঠানিক  জাৰি কৰা হৈছে। এই বিশাল প্ৰক্ৰিয়াটোৰ প্ৰথম পৰ্যায়ত চলোৱা হ’ব ‘গৃহ গণনা’ (House Listing)। এই বিশেষ পৰ্যায়টোৰ বাবে চৰকাৰে মুঠ ৩৩ টা প্ৰশ্নৰ এখন তালিকা প্ৰস্তুত কৰিছে, যাৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালৰ সামাজিক আৰু অৰ্থনৈতিক স্থিতিৰ বুজ লোৱা হ’ব। জনসংখ্যা গণনাৰ দ্বিতীয়টো পৰ্যায়ৰ তালিকা পৰৱৰ্তী সময়ত জাৰি কৰা হ’ব।

অধিসূচনা অনুসৰি, গণনাকাৰীসকলে ঘৰে ঘৰে গৈ সংগ্ৰহ কৰিবলগীয়া তথ্যসমূহৰ ভিতৰত গৃহ নিৰ্মাণৰ সামগ্ৰীৰ পৰা আদি কৰি পৰিয়ালৰ মুৰব্বীৰ পৰিচয়লৈকে সকলো সামৰি লোৱা হৈছে। গণনাৰ সময়ত চৰকাৰী প্ৰতিনিধিয়ে তলত দিয়া বিষয়সমূহৰ ওপৰত তথ্য সংগ্ৰহ কৰিব:

ঘৰৰ দেৱাল আৰু চালত ব্যৱহৃত মূল সামগ্ৰী।

ঘৰটো কি কামত ব্যৱহাৰ কৰা হয় আৰু ঘৰটোৰ বৰ্তমানৰ অৱস্থা।

পৰিয়ালৰ ক্ৰমিক নম্বৰ আৰু পৰিয়ালত থকা সদস্যৰ মুঠ সংখ্যা।

পৰিয়ালৰ মুৰব্বীৰ নাম আৰু তেওঁ অনুসূচিত জাতি, জনজাতি বা অন্য শ্ৰেণীৰ নেকি তাৰ তথ্য।

ঘৰৰ মালিকীস্বত্বৰ স্থিতি।

পৰিয়ালটোৰ থকা কোঠাৰ সংখ্যা আৰু পৰিয়ালত থকা বিবাহিত দম্পতীৰ সংখ্যা।

খোৱাপানীৰ মূল উৎস আৰু ইয়াৰ উপলব্ধতা।

পোহৰ বা বিদ্যুতৰ মূল উৎস।

শৌচালয়ৰ সুচলতা আৰু ইয়াৰ প্ৰকাৰ।

লেতেৰা পানী নিষ্কাষণৰ ব্যৱস্থা আৰু স্নানাগাৰৰ উপলব্ধতা।

পাকঘৰ আৰু এলপিজি (LPG) / পিএনজি (PNG) সংযোগৰ তথ্য।

ৰন্ধনৰ বাবে ব্যৱহৃত মূল ইন্ধন।

ৰেডিঅ’, ট্ৰানজিষ্টাৰ, টেলিভিছন আৰু ইন্টাৰনেট সুবিধা।

লেপটপ, কম্পিউটাৰ আৰু টেলিফোন অথবা স্মাৰ্টফোনৰ উপলব্ধতা।

চাইকেল, স্কুটাৰ, মটৰচাইকেল বা মোপেডৰ তথ্য।

কাৰ, জীপ বা ভান আদিৰ ব্যৱহাৰ।

পৰিয়ালে ব্যৱহাৰ কৰা মূল খাদ্যশস্য আৰু সদস্যসকলৰ মোবাইল নম্বৰ।

কৰ্মচাৰী নিযুক্তি আৰু দায়িত্ব বিভাজন

ভাৰতৰ মহাপঞ্জীয়কে এক চক্ৰপত্ৰৰ জৰিয়তে জানিবলৈ দিছে যে এই তথ্য সংগ্ৰহৰ বাবে মূলতঃ গণনাকাৰী (Enumerator) আৰু পৰ্যবেক্ষকসকল (Supervisor) দায়বদ্ধ হ’ব। এজন গণনাকাৰীক প্ৰায় ৭০০ ৰ পৰা ৮০০ লোকৰ তথ্য সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰা হ’ব। প্ৰতি ৬ গৰাকী গণনাকাৰীৰ বাবে এজনকৈ পৰ্যবেক্ষক থাকিব। তদুপৰি জৰুৰীকালীন পৰিস্থিতি চম্ভালিবলৈ ১০ শতাংশ অতিৰিক্ত গণনাকাৰী আৰু পৰ্যবেক্ষক সংৰক্ষিত কৰি ৰখা হ’ব।

কাৰ ওপৰত থাকিব এই গুৰু দায়িত্ব

লোকপিয়লৰ কাৰ্যসূচী ৰূপায়ণৰ বাবে নিৰ্দিষ্ট চৰকাৰী নীতি আছে। ১৯৯০ চনৰ লোকপিয়ল নিয়মাৱলীৰ ৩ নং নিয়ম অনুসৰি, চৰকাৰী বিদ্যালয়ৰ শিক্ষক, চৰকাৰী কেৰাণী বা ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰাধিকাৰীৰ অধীনস্থ বিষয়াসকলক এই কামত নিয়োগ কৰিব পৰা যাব। পৰ্যবেক্ষক হিচাপে গণনাকাৰীতকৈ উচ্চ পদবীত থকা বিষয়াসকলক দায়িত্ব দিয়া হ’ব।

কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও লোকপিয়ল বিষয়া নিযুক্তি দিয়া হ’ব। জিলা পৰ্যায়ত জিলা উপায়ুক্ত বা জিলা দণ্ডাধীশৰ লগতে অন্যান্য জিলা বিষয়াসকলক নিজ নিজ এলেকাত এই কাম সুচাৰুৰূপে সম্পাদন কৰাৰ দায়িত্ব দিয়া হ’ব।