জম্মুত জোৱানৰ মৃত্যুৰ পৰা মহানগৰীৰ ডকাইতি কাণ্ডৰ অভিযুক্ত গ্ৰেপ্তাৰলৈ, থোৰতে দিনটোৰ প্ৰধান খবৰসমূহ
জুবিন গাৰ্গৰ গোচৰৰ অভিযুক্তৰ জামিন আবেদনৰ ৰায় আদালতে অহা ৩০ জানুৱাৰীলৈ সংৰক্ষিত ৰাখিছে। ইয়াৰ মাজতে মৰিগাঁৱৰ ঐতিহাসিক জোনবিল মেলাৰ উছাহে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে। চাওক আজিৰ প্ৰধান খবৰসমূহ।
আজিৰ প্ৰধান খবৰ
আজি দিনটোৰ কেইটামান উল্লেখযোগ্য খবৰে সমগ্ৰ দেশ তথা ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জম্মু-কাশ্মীৰৰ ডোডাত এখন সেনাৰ বাহন খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন জোৱান শ্বহীদ হোৱাৰ খবৰে শোকৰ ছাঁ পেলাইছে। ইফালে, গুৱাহাটীৰ গণেশপাৰাৰ ডকাইতি কাণ্ডৰ চাৰি অভিযুক্তক আৰক্ষীয়ে বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰি গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিছে। জুবিন গাৰ্গৰ গোচৰৰ অভিযুক্তৰ জামিন আবেদনৰ ৰায় আদালতে অহা ৩০ জানুৱাৰীলৈ সংৰক্ষিত ৰাখিছে। ইয়াৰ মাজতে মৰিগাঁৱৰ ঐতিহাসিক জোনবিল মেলাৰ উছাহে পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনিছে। চাওক আজিৰ প্ৰধান খবৰসমূহ-
- জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। ডোডা সেনা কঢ়িয়াই নিয়া এখন বাহন বাগৰি পৰে দ খাৱৈত। ফলত প্ৰাণ হেৰুৱাই ১০ জনকৈ জোৱানে। এই দুৰ্ঘটনাত আন ১০ জন জোৱান আহত হয়। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰতাত বাগৰি পৰে সেনা কঢ়িয়াই নিয়া বাহনখন। ইতিমধ্যে উদ্ধাৰ কৰা হৈছে সেনা জোৱানসকলক।
- গুৱাহাটী মহানগৰীৰ গণেশপাৰাত সংঘটিত ডকাইতিত জড়িত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ। ইয়াৰ দুজন অভিযুক্ত ক্ৰমে জেহেৰুল আৰু ৰাতুল মল্লিক এই ঘটনাত পোনপটীয়াকৈ জড়িত আছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে ডকাইতিকাণ্ডত ব্যৱহৃত এটা পিস্তল। বৰপেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ডকাইতকেইটাক।
- আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত জামিন আবেদনৰ শুনানি গ্ৰহণ কৰে আদালতে। অমৃতপ্ৰভা মহন্ত, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন আবেদনৰ শুনানি গ্ৰহণ। অহা ৩০ জানুৱাৰীত এই সন্দৰ্ভত ৰায় দিব আদালতে। চৰকাৰী পক্ষৰ অধিবক্তাৰ যুক্তিত সন্তুষ্টি প্ৰকাশ গৰিমা শইকীয়া গাৰ্গৰ।
- আজিৰে পৰা মৰিগাঁৱৰ জোনবিলৰ পাৰত আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ বাৰ্তাবাহক এই মেলালৈ আহিছে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক। নানা তৰহৰ সামগ্ৰীৰে ভৰি পৰিছে মেলাস্থলী। কাইলৈ অনুষ্ঠিত হ’ব বিনিময় প্ৰথা।
- এছ আৰ প্ৰক্ৰিয়াৰ অধীনত খিলঞ্জীয় মুছলমানৰ নাম কৰ্তনৰ অভিযোগ। অভয়াপুৰীৰ অগপ কৰ্মী নজৰুল ইছলামৰ লগতে প্ৰায় ৪০ গৰাকী লোকৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা। কোনো দুষ্টচক্ৰই এই কাৰ্য কৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও চৰকাৰক দাবী এইসকল লোকৰ।
- মৰিগাঁও জিলাত আৰক্ষীৰ জালত পাঁচটাকৈ চাইবাৰ অপৰাধী। মৈৰাবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই চাইবাৰ অপৰাধীকেইটাক। এক্সিছ বেংকৰ পৰা জালিয়াতিৰে প্ৰায় ২৫ লাখ টকা লুণ্ঠন কৰিছিল এই পাঁচ হেকাৰে। ধৃত হেকাৰ কেইটা হৈছে আজহাৰুল ইছলাম, বাহাৰুল ইছলাম, মাহমুদ হাছান,ৰাকিবুৰ ৰহমান আৰু ৰিয়ানুড জামান
- ছত্তীশগড়ত শোকাৱহ ঘটনা। এটা লোহাৰ কাৰখানাত বিস্ফোৰণৰ ফলত কমেও ৭ শ্ৰমিকৰ মৃত্যু। লগতে আহত হয় আন কেবাজনো শ্ৰমিক। বৃহস্পতিবাৰে পুৱা কাৰখানাত কাম চলি থকাৰ মাজতে সংঘটিত হয় এই শোকাৱহ ঘটনা।
- ভাৰত-আমেৰিকাৰ মাজত অতি সোনকালেই সম্পন্ন হ’ব চুক্তি। ডাভোছত এই ইংগিত দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। নৰেন্দ্ৰ মোদীক ভাল বন্ধু বুলি উল্লেখ কৰি ট্ৰাম্পে কয় যে ভাৰতৰ সৈতে ভাল চুক্তিৰ দিশত আগবাঢ়িছে আমেৰিকা। ট্ৰাম্পৰ এই বক্তব্যই ইতিবাচক ইংগিত দিছে ভাৰতীয় শ্বেয়াৰ বজাৰলৈ।
- টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ। বৃহস্পতিবাৰে ঢাকাত বাংলাদেশত ক্ৰিকেট বোৰ্ড আৰু বাংলাদেশ চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়, য’ত বিচিবিয়ে সিদ্ধান্ত লয় যে, টি-২০ বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে বাংলাদেশ ক্ৰিকেট টিম। ইয়াৰ পাছতে এতিয়া আই চি চিয়ে বাংলাদেশক বাহিৰ কৰি স্কটলেণ্ডক টি-২০ বিশ্বকাপত স্থান প্ৰদান কৰে।