পুৱা দেৰিলৈকে শোৱাৰ অভ্যাসে চপাব এনে সমস্যা

22 Jan 2026

TV9 ASSAM

বহুলোকৰে পুৱা দেৰিলৈকে শুই থকাৰ অভ্যাস আছে। এই অভ্যাসে কেইটামান ভয়ানক বিপদ কঢ়িয়াই আনিব পাৰে।

শোৱাৰ অভ্যাস

পুৱা দেৰিলৈকে শুই থাকিলে শৰীৰৰ বিপাকীয় ক্ৰিয়া (Metabolism) লেহেমীয়া হয়, যাৰ ফলত দ্ৰুতগতিত ওজন আৰু মেদবহুলতা বৃদ্ধি পায়।

মেদবহুলতা

অনিয়মিত টোপনিৰ বাবে দিনটো খিংখিঙীয়া মেজাজত অতিবাহিত হয়। ই লাহে লাহে মানসিক চাপ আৰু উদ্বেগৰ (Anxiety) সৃষ্টি কৰে।

মানসিক স্বাস্থ্য

দেৰিকৈ উঠাৰ ফলত খোৱা-বোৱাৰ সময় সলনি হয়। ইয়াৰ ফলত গেছ, এচিডিটি আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাই দেখা দিয়ে।

পাচনতন্ত্ৰত আউল

দেৰিকৈ শোৱাৰ পৰা উঠিলে ব্যায়াম বা ৱৰ্ক আউট কৰিবলৈ সময় নাথাকে। লগতে ব্ৰেকফাষ্ট এৰি দিয়াৰ কু-অভ্যাসে শৰীৰ দুৰ্বল কৰি পেলায়।

ৰুটিনত ব্যাঘাত

বিশেষজ্ঞৰ মতে, প্ৰয়োজনতকৈ অধিক বা বহু দেৰিলৈকে শুই থকা অভ্যাসৰ ফলত হৃদৰোগ আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

হৃদৰোগৰ আশংকা

পঢ়িবলৈ ক্লিক কৰক 

এই ৫টা টিপ্‌ছে দিনটো কৰি ৰাখিব সতেজ